পৃষ্ঠা:কথা-গীতা.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দ্বিতীয় অধ্যায়।

অবিনাশী নিত্য অপৰিচ্ছিন্ন আত্মাৰ সম্বন্ধী দেহৰে অন্ত আছে; সুখ দুষ্‌খ সম্বন্ধ হয়। আত্মাৰ পুনু বিনাশ নাই। সুখ দুষ্‌খ সম্বন্ধে নঘটে। এতেকে মোহ জন্য শোক এড়ি স্বধৰ্ম্ম যুদ্ধ কৰাঁ। এমনে ভীষ্মদিৰ মৃত্যু নিমিত্ত শোক নিবাৰিলা।

 মঞি বাধবো বুলি যি দুষ্‌খ.কহিছা, তাকো তেমনে অকাৰণ জানিবা; যি জনে এই আত্মাক মাৰে মৰে বুলি জানে, তাক অজ্ঞানী বুলি মানি। পৰমাৰ্থত আত্মাক নমাৰে নমৰে। স্বৰূপত আত্মাৰ জন্ম নাই, মৰণো নঘটে, আছে হেনো নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিয়ো নহয়; এতেকে শৰীৰ নষ্ট হৈলে, আত্মাৰ নাশ নাই। যি পুৰুষে এই আত্মাক অবিনাশী অজ অব্যয় নিত্য কৰিয়া জানে, সি কাক মৰাই- বেক, কাক মাৰিব? এতেকে প্ৰযোজক বুলি, মোতো দোষ দৃষ্টি নকৰিবা। যদি বোলা আত্মাক অবিনাশী জানিয়ো তান শৰীৰ নাশ দেখি শোক কৰো, তাত শুনা। যেন মনুষ্যে জীৰ্ণবস্ত্ৰক পৰিত্যাগ কৰি, নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়ো পুৰাণ দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে; কৰ্ম্মনিবন্ধন নূতন দেহ অৱশ্যে হৈব। জীৰ্ণ দেহনাশত শোক কৰিতে নালাগে। এই আত্মাক অস্ত্ৰেয়ো নাকাটে, অগ্নিয়ো নদহে, জলেয়ো কোমল নকৰে, বায়ুয়ো নুশুখাৱে। এতেকে' অছেদ্য অদাহ্য অক্লেদ্য অশোচ্য নিত্য সৰ্ব্বগত অচল সনাতন অব্যক্ত অচিন্ত্য অপ্ৰাপ্য কৰি কহে। হেন আত্মাক জানি তুমি