পৃষ্ঠা:কথা-গীতা.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যাখ্যা কৰা যাই, সেই সুবোধিনী টীকাক বুদ্ধিমন্তসবে চিন্তন কৰোক; আবে সৰ্ব্বটীকাৰ অনুসাৰে গীতা কথনৰ কাৰণ কহোঁ।

 ভগৱন্ত পুৰুষোত্তমে জীৱক কৃপায়ে চৌবিশ তত্ত্বে ব্ৰহ্মাণ্ড স্ৰজি তাতে ব্ৰহ্মাক উদ্ভৱ কৰাইলা; ব্ৰহ্মাৰ পুত্ৰ মৰীচ্যাদিৰ মুখে প্ৰবৃত্তি মাৰ্গ প্ৰৱৰ্তাইলা .. সনকাদিৰ মুখে নিবৃত্তি পন্থ দেখাইলা; সেই নিবৃত্তি মাৰ্গে বহুলোক নিস্তৰিবাৰ নেদেখি, পৰম কৃপায়ে পৰিপূৰ্ণৰূপে, দৈৱকীৰ উদৰে উদয় হুয়া বহুবিধ লীলা কৰিলা, নিজ যশ প্ৰকাশিলা; যাৰ শ্ৰবণ কীৰ্ত্তন স্মৰণে, মহাপাপী সংসাৰ তৰে; তাক গুৰুশিষ্য মতে প্ৰৱৰ্ত্তাইবে লাগি, নৰ অবতাৰ হুয়া সকলগুণমন্দিৰ সৰ্ব্বজনপ্ৰবোধসঞ্চাৰশক্তিযুক্ত অৰ্জ্জুনক সখী কৰিলা৷ যেন তৈল বিন্দুমাত্ৰো জল এক প্ৰদেশত পৰিলে সকল জলক ব্যাপয়, ধূলীত পৰিলে পুনু সেহি মতে ৰহে, তেমনে বিশিষ্ট জনত উত্তম কথা অল্প কহিলে, সকল লোকতে প্ৰৱৰ্ত্তে; এই অৰ্থে অৰ্জ্জুনৰ যুদ্ধ সমুখত তত্ত্বৰ অজ্ঞানে শোক মোহ বঢ়াই, জ্ঞান দূৰ কৰি নিজ ধৰ্ম্ম ত্যাগ, পৰধৰ্ম্মত অভিসন্ধি কৰি, শোক মোঁহ সাগৰত মগ্ন কৰিলা; তেবে ভগৱন্ত কৃষ্ণে ধৰ্ম্মজ্ঞান ভক্তিৰ উপদেশে শোক মোহ সাগৰৰ উদ্ধাৰ কৰিলা। সেই ভগৱন্তৰ উপদিষ্ট অৰ্থক বেদব্যাসে সাতশ শ্লোকে নিবন্ধন কৰিলা। প্ৰায় কৃষ্ণ মুখ নিসৃত শ্লোককে লিখিলা; কতোসব তাৰ সঙ্গতিৰ অৰ্থে আপুনিয়ো কৰিলা। আক স্কন্দপুৰাণত গীতামাহাত্ম্যত