পৃষ্ঠা:কথা-গীতা.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কথা-গীতা।

গ্ৰন্থকাৰৰ সূচনা।

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

যোগীতামৃতমুদ্দধাৰসুধিয়াং ভক্ত্যৰ্থিনাং কৰ্ম্মিনাম্
মুক্ত্যৈ প্ৰীতিসুখায় চিত্তশুচয়ে স্বাত্মৈকনিষ্ঠাত্মনাম্।
নিঃশেষোপনিষৎপয়োধিহৃদয়াৎ সখ্যে কৃপাপূৰ্ণতঃ
তং শ্ৰীকৃষ্ণমনন্তমচ্যুতমজং নন্দাত্মজং সংশ্ৰয়ে॥
 প্ৰণম্য গোবিন্দপদাৰবিন্দ-
 মানন্দসন্দোহসমৃদ্ধয়ে সতাম্।
 হৃদীশ্বৰানন্তনিদেশলেশা-
 দ্গীতামৃতাদ্ধেঃ কথয়ামি গাথাম্॥

 জয় জয় পৰমানন্দ নন্দনন্দন পুৰুষোত্তম শ্ৰীকৃষ্ণ গোবিন্ধ গোপীনাথ কমলাকান্ত সুশান্ত পৰমেশ্বৰ তোমাৰ পদাৰবিন্দত কৌটি কৌটি প্ৰণাম কৰো। যাৰ নাম মাত্ৰে সকল জগতৰে পাপ হৰে, চিত্তকো নিৰ্ম্মল কৰে, পৰম জ্ঞান মিলাৱে, ভুক্তি মুক্তি হৰিভক্তিকে দেই, হেন দৈৱকানন্দন শ্ৰীকৃষ্ণক প্ৰণাম কৰো। ব্ৰহ্মামহেশো যাৰ আজ্ঞা ধৰা, লক্ষ্মীয়ো যাক সততে সেৱা কৰা, হেন সৰ্ব্বেশ্বৰ ভগৱন্তক প্ৰতি সহস্ৰ প্ৰণাম কৰো।