পৃষ্ঠা:কথা-গীতা.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

গীতাৰ আবৃত্তি শেষ কৰি হে প্ৰাণত্যাগ কৰিছে। তেওঁ পুহ মাহৰ কৃষ্ণা সপ্তমত সম্ভৱতঃ ১৫৬০ শকত নৰতনু পৰিত্যাগ কৰে। বুড়িলুইতৰ দাঁতিত অতি সমাৰোহেৰে চিতা সাজি ভট্টদেৱৰ নশ্বৰ দেহ অগ্নিত উচৰ্গা কৰা হল। দেখোঁতে দেখোঁতে, খোল, কৰতাল, শঙ্খ, মৃদঙ্গ, আৰু হৰিধ্বনিৰ লগতে তেওঁৰ দেহ ধোঁৱাহৈ ওপৰলৈ উৰি গুচি গল; অসম আইৰ বুকু চিৰকালৰ নিমিত্তে উদং হৈ গল।

 আমি দামোদৰ দেৱৰ কাল ১৪১০-১৫২০ শক আৰু ভট্টদেৱৰ কাল ১৪৮৩-১৫৬০ শক বুলি স্থিৰ ভট্টদেৱৰ কাল৷  কৰিছো। দামোদৰ দেৱৰ কাল সম্বন্ধে যি কবলগীয়া তাক আগেয়েই কোৱা  হৈছে কিন্তু ভট্টদেৱৰ কাল সম্বন্ধে আমাৰ বক্তব্য এতিয়াও কবলে বাকী আছে। ভট্টদেৱৰ পুৰুষনামৰ পৰা দেখা যাব যে পাটবাউসী সত্ৰৰ বৰ্ত্তমান অধিকাৰ শ্ৰীশ্ৰীযুত গোবিন্দদেৱ গোস্বামীৰ পৰা ভট্টদেৱৰ ককায়েক ৰমাকান্তলৈকে ১০ পুৰুষ হৈছে; তিন পুৰুষত এশ বছৰ ধৰা নিয়মেৰে এই দহ পুৰুষৰ ভিতৰত প্ৰায় ৩৫০ বছৰ হয়। এই হিচাপ মতে ভট্টদেৱৰ জন্মকাল প্ৰায় ১৪৯০ শক হব লাগে; কিন্তু আমি জানো দামোদৰদেৱ বিজয়নগৰলৈ যোৱাৰ আগেয়েই ভট্টদেৱে দামোদৰ দেৱত শৰণ লৈছে আৰু ১৫১৬ শকত ভাগৱতৰ প্ৰথম কন্ধৰ কথা-ভাঙ্গনি শেষ কৰি দামোদৰ দেৱৰ হাতত দিছে। তেনেহলে দেখা যায় প্ৰায় ২৬ বছৰ বয়সত তেওঁ কথা-ভাগৱত লিখিবলৈ হাতত লয়। এইটো বড় সম্ভবপৰ নহয়, কিয়নো ভট্টদেৱে শৰণ লোৱাৰ আগেয়েই এজন ডাঙ্গৰ পণ্ডিত বুলি খ্যাত হৈছিল; তেওঁ যে ২০১২ বছৰ বয়সতে শিক্ষা সমাপন কৰি পণ্ডিত বুলি এনে খ্যাতিলাভ কৰিব তেনে বিশ্বাস নহয়। আমাৰ বোধেৰে তেওঁ শৰণ লওঁতে অন্ততঃ ৩০৷৩২ বছৰ বয়সীয়া আৰু ভাগৱত অনুবাদ কৰোতে ৩৫৷৩৬ বছৰ বয়সীয়া আছিল৷ এই হিচাপে তেওঁৰ জন্ম শক