সাম্প্ৰদায়িক গদ্য গ্ৰন্থ আছে বুলি শুনিছো। তেওঁ লিখা প্ৰায় এটাইবিলাক গ্ৰন্থই গদ্য, পদ্য অলপ হে; প্ৰসঙ্গমালা আৰু গুৰুবংশাৱলী এই দুখন পুথি তেওঁ পদ্যত লিখিছিল। ইয়াত বাজে পদ্যত তেওঁ লিখা দামোদৰ দেৱৰ বিষয়ে এটি বড় সুললিত গুৰুভটিমা আছে। তেওঁ যদিও পদ্যত অলপ হে লেখি থৈ গৈছে তাৰে পৰা বুজিব পাৰি যে তেওঁ গদ্যৰ দৰেই পদ্যৰ ৰচনাত সিদ্ধহস্ত আছিল।
পাটবাউসী সত্ৰত অধিকাৰ ৷ দামোদৰ দেৱৰ মৃত্যু শক ১৫২০। অনেকে তেখেতৰ মৃত্যু শক ১৫০২ বুলি ভুল কৰে। এই ভুল তলত লিখা শ্লোকটোৰ পৰা হৈছে:—
শ্ৰীকৃষ্ণোনিজধামগোহখিল জনান্ দৃষ্টাতু পাপাশয়ান্
সৎধৰ্ম্ম প্ৰথনেচ্ছয়া কলিযুগে দামোদৰাখ্যোহভবৎ।
শাকে দিঙ্মঅনুসঙ্খ্যয়াবিগণিতে ধৰ্ম্মানজনানগ্ৰাহয়ণ্
শাকে দ্যম্বৰবানচন্দ্ৰগণিতেহগচ্ছৎ পুনৰ্ধামষু॥
এই শ্লোক মতে দামোদৰ দেৱৰ জন্ম শক হৈছে—“দিঙ্মনু সঙ্খ্যয়া” দিক্ মানে ১০ আৰু মনু মানে ১৪ অৰ্থাৎ ১৪১০ শকত তেওঁৰ জন্ম। এই জন্মৰ শকটো ঠিক আছে। শ্লোক মতে মৃত্যু শক হৈছে “দ্যম্বৰবানচন্দ্ৰ” অৰ্থাৎ ১৫০২ শক। দামোদৰ দেৱক পৰীক্ষিত ৰজাই বিজয়পুৰলৈ ধৰাই নিয়ে, এইটো এটা ঐতিহাসিক সত্য আৰু পৰীক্ষিত ৰজা ৰাজপাটত বহে ১৫১৫ শকত। সেইগুণে ১৫১৫ শকত ৰজা হৈ পৰীক্ষিতে তেখেতক ১৫০২ শকৰ আগেয়ে বিজয়পুৰলৈ নিওৱা অসম্ভৱ। আমি এই শ্লোকটোৰ “দ্যম্বৰ” পাঠটোৰ ঠাইত খংকৰ’ পাঠ পাইছোঁ। ‘খংকৰ’ পাঠ হলে, তেওঁৰ মৃত্যু শক ১৫২০ হয় আৰু তেতিয়াহে ১৫১৫ শকত বা তাৰ অলপ পাচতে তেওঁক পৰীক্ষিত ৰজাই বিজয়পুৰলৈ নিয়া সম্ভৱ হয়। তাত বাজেও দামোদৰ দেৱ বিজয়নগৰ এৰি কোচবিহাৰলৈ যোৱাৰ পাচত