আছে। ভকতীয়া আতৈ আৰু আতা, এই দুই সম্বন্ধে প্ৰায় তেনেকুৱাই। আতৈ অৰ্থাৎ আত্মা-ইৱ আৰু আতা অৰ্থাৎ আত্মা, ইয়াৰ ভিতৰত যেনে প্ৰভেদ, আত্মসঙ্গী আৰু আত্মসাং তাৰ ভিতৰতো প্ৰায় তেনে প্ৰভেদেই। এই দুই সম্বন্ধৰ ভিতৰত যে আত্মসঙ্গী আগৰ আৰু আত্মসাৎ পাচৰ তাক অলপ ভাবিলেই বুজিব পাৰি। সেইগুণে আমি কথা-গীতা কথা-ভাগৱতৰ পাচত লিখা বুলি ভাবে। তেনে ভাবিবৰ আন কাৰণো আছে। দুইখন গ্ৰন্থৰ ৰচনা ৰিজাই চালেও অনেক তাৰতম্য দেখিবলৈ পোৱা যায়। কথা-ভাগৱতৰ ভাষাতকৈ কথা-গীতাৰ ভাষা বেছি কোমল আৰু সৰল। কথা-ভাগৱতত যিমান পুৰণি অপ্ৰচলিত শব্দৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় কথা-গীতাত সিমান নাই। কথা-ভাগৱতৰ ৰচনাতকৈ কথা-গীতাৰ ৰচনাও বেছি গ্ৰাঞ্জল আৰু মধুৰ ৷ ওপৰত দেখুওৱা হেতুবাদৰ পৰা আমি কথা-গীতাক, কথা-ভাগৱতৰ পাচৰ গ্ৰন্থ বুলি অনুমান কৰিছোঁ। আমাৰ অনুমান ঠিক হলে, দামোদৰদেৱ স্বৰ্গী হোৱাৰ পাচত হে ভট্টদেৱে কথাগীতা লিখা যেন লাগে৷ * কথা-গীতাৰ ভাষা, তিনিশ বছৰৰ আগৰ অসমীয়া গদ্য ভাষাৰ চানেকী হলেও, দুই চাৰি পুৰণি অপ্ৰচলিত শব্দ এৰি দিলে, তাক আজিকালিৰ অসমীয়া গদ্য ভাষাৰ লগত অলপ হে অমিল দেখা যায়। তেওঁ সংস্কৃত ভাষাত এজন অগাধ পণ্ডিত আছিল; তথাপি যে তেওঁৰ লিখাত সংস্কৃত শব্দৰ প্ৰয়োগ ইমান কম তাক দেখিলে বিস্ময় মানিব লাগে।
এইখন ভট্টদেৱে লিখা এখন সংস্কৃত গ্ৰন্থ। ই এখন বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে বিষ্ণুপুৰি সন্ন্যাসীৰ ভক্তি ৰত্নাৱলীৰ শ্ৰেণীৰ পুথি। ভট্টদেৱে বিষ্ণুপুৰি
________________________________________________________________________ * আমি ৺নীলকণ্ঠ দাসে লিখা চৰিত্ৰত এতিয়া দেখিছোঁ যে কথা-ভাগৱত কথা-গীতাৰ আগেয়ে লিখা সঁচা আৰু ৺ভট্টদেৱৰ কথা-ভাগৱতৰ দৰে কথা-গীতাকো শ্ৰীদামোদৰ দেৱৰ জীবিত কালতে তেখেতক সমৰ্পণ কৰে।