লৈ কথা-ভাগৱত কৰিবলৈ হাতত লয়। তেওঁ যেতিয়া বড়নগৰত ভাগৱত ব্যাখ্যা কৰি থাকে, তেতিয়াই তেওঁ এই কাম আৰম্ভ কৰে। চৰিত্ৰপুথিত সেই বিষয়ে এই দৰে লিখিছে:—
ভাগৱত শুনি তাৰা সন্তোষ লভিলা
কথা-ভাগৱত বড়নগৰে কৰিলা ॥ ২৯১ ৰা-ৰা।
দামোদৰদেৱ এবছৰ বিজয়নগৰত থকাৰ পাচত, পৰীক্ষিতনাৰায়ণ ৰজাই তেওঁক দেশ এৰি যাবলৈ কোৱাত, তেওঁ সোণকোষ পাৰ হৈ প্ৰায় ১৫১৬ শকত লক্ষ্মীনাৰায়ণ ৰজাৰ দেশলৈ যায়৷ দামোদৰ দেৱে সোণ-কোষ নৈ পাৰ হবৰ বেলিকা ভট্টদেৱে ভাগৱতৰ প্ৰথম কন্ধৰ অসমীয়া গদ্য ভাঙ্গনি দি দামোদৰ দেৱক সেৱা কৰিলে গৈ। দামোদৰ দেৱে প্ৰথম কন্ধৰ ভাঙ্গনি চাই বড় ভাল নুবুলিলে, কিয়নো, ভট্টদেৱে কেৱল ভাগৱতৰ মূল শ্লোকবিলাকৰে কথা নকৰি তাৰ টীকা ভাষ্য সকলোবিলাকৰ ভাঙ্গনি কৰিছিল।
“কিন্তু এত খানি, বহু কথা ভৈলে
পুথিয়ো হইবে বড় ।
বাহ্ৰয় কন্ধৰ, কথাক লিখিতে
লাগিবে পাত বিস্তৰ ॥
এতেকে ইহাক, কহিতে নপাৰি
নকৰিবে কেহোঁ যত্ন।
সঙ্ক্ষেপ কৰিয়া, সাৰমাত্ৰ লৈয়া
কৰা কথা কবিৰত্ন॥” ২২৫ ৰা–ৰা।
ভট্টদেৱ দামোদৰ দেৱৰ পৰা এনে কথা শুনি মনে মনে বড় বেজাৰ পালে কিন্তু কি কৰিব গুৰুৰ আদেশ। তেওঁ তেতিয়া কথা-ভাগবত বাহুল্য ভাবে নিলিখি সঙ্ক্ষেপকৈ লিখিবলৈ স্থিৰ কৰিলে দামোদৰদেৱ