পৃষ্ঠা:কথা-গীতা.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
  (৯)  

ভড়াঁলত যি অমূল্য সম্পত্তি দান কৰিলে, তাৰ কাৰণে অসমীয়া জাতি চিৰকাল তেওঁবিলাকৰ ওচৰত কৃতজ্ঞ থাকিব।

গ্ৰন্থাৱলী।দামোদৰ দেৱ বিজয়নগৰলৈ যোৱাৰ পাচত ভট্টদেৱ কিছুদিন বড়নগৰতে থাকি তেওঁ ভাগৱত ব্যাখ্যা শেষ কৰি,দামোদৰ দেৱৰ আজ্ঞা অনুসৰি পাটবাউসীলৈ আহে।তেতিয়া পাটবাউসী সত্ৰত দামোদৰ দেৱৰ ভতিজাক কৃষ্ণদেৱেই প্ৰধান হৈ থাকে আৰু ভট্টদেৱে তাতে থাকি ভাগৱত পাঠ কৰিছিল৷ ভট্টদেৱ সংস্কৃত ভাষাত ভক্তিসাৰ, ভক্তিবিবেকৰ নিচিনা গ্ৰন্থ আৰু অসমীয়া ভাষাত, কথা-ভাগৱত, কথা-গীতা আদি কেইবা খনিও গদ্যগ্ৰন্থ আৰু গুৰুবংশাৱলী, প্ৰসঙ্গমালা আদি পদ্যগ্ৰন্থ লিখি থৈ গৈছে৷ ভট্টদেৱ এই দেশত জন্ম নলৈ ভাৰতবৰ্ষৰ আন দেশত জন্মিবলৈ হোৱাহলে, তেওঁ আজি সকলো সভ্য জাতিবিলাকৰ কৰ লগত চিনাকী হলহেতেন। যশস্যাৰ শ্মশান ভূমি দুদ্দশয়া অসম দেশত জন্ম গ্ৰহণ কৰি প্ৰায় চাৰে তিনিশ বছৰৰ আগেয়ে তেও অমাৰ ভাষাৰ আৰু সাহিত্যৰ কি উন্নতি কৰি থৈ গৈছে তাক আম অসমীয়া মানুহে নিজেই নাজানো, ইয়াতকৈ আৰু লাজৰ কথা কিবা আছেনে?

ভক্তিসাৰভট্টদেৱৰ এই খনিয়েই প্ৰথম পুথি। দামোদৰ দেৱব শিষ্যত্ব গ্ৰহণ কৰাৰ অলপ পাচতে দামোদৰ দেৱৰ আজ্ঞা মতে তেওঁ এই পুথি ৰচনা কবে। এই পুথি সংস্কৃত ভাষাত লিখা। সেই সময়ত বিজয়নগৰত যদুমণি চক্ৰবৰ্ত্তী নামে এজন ৰাজপণ্ডিত আছিল। তেওঁ কেতিয়াবা কেতিয়াবা দামোদৰদেৱৰ লগত সাক্ষাত কৰি তেওঁৰ লগত আধ্যাত্মিক বিষয়ত আলাপ কৰি বড় আনন্দ লাভ কৰিছিল। এদিন যদুমণি চক্ৰবৰ্ত্তীয়ে দামোদৰ দেৱক কলে যে শ্ৰীকৃষ্ণ ভগৱানৰ কলা অৱতাৰ হে পূৰ্ণ অৱতাৰ নহয়। দামোদৰ দেৱে