পৃষ্ঠা:কথা-গীতা.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )

 দামোদৰ দেৱৰ সাধু শান্ত উজ্জ্বল মূৰ্ত্তি দেখি, ভট্টদেৱে ভক্তিভাবে গৈ দামোদৰ দেৱৰ চৰণত প্ৰণিপাত কৰিলে।

“নমিলন্ত যাই দামোদৰ চৰণত॥
অবনত ভাবে প্ৰভু বোলয় বচন।
ভব তৰিবাৰ হেতু কৰায়ো শৰণ॥” — ৰামৰায়।

 দামোদৰ দেৱে ভট্টদেৱৰ পৰিচয় লৈ পাটবাউসীতে তেওঁক কিছুদিন আশ্বাস দি ৰাখি ভাগৱত পঢ়িবলৈ দিলে। ভট্টদেৱৰ মুখে ভাগৱত শুনি দামোদৰ দেৱ আৰু সত্ৰৰ ভকতসকলে বৰ আনন্দ পালে। দামোদৰ দেৱে, তেওঁক কিছু দিনৰ পাচত ঘৰলৈ যাবলৈ অনুমতি দিলে আৰু ভাল তিথিবাৰ চাই এদিন আহি শৰণ লবলৈ কলে। ভট্টদেৱে ঘৰলৈ উভতি গৈ কিছুদিন তাতে থাকি, ভাল দিনবাৰ চাই আকৌ পাটবাউসীলৈ আহি দামোদৰ দেৱৰ ওচৰত শৰণ ললেহি৷

“দামোদৰ পদে প্ৰভু লৈলন্ত শৰণ।
সঙ্গোপাঙ্গে দিলা কৃষ্ণ নাম মহাধন॥
ভট্টাচাৰ্য্য দেৱে দামোদৰক ভজিলা।
প্ৰিয় শিষ্য জানি দেৱে সমস্তে কহিলা ॥ —ৰা—ৰা ৷

 এইদৰে শৰণ লৈ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত আধ্যাত্মিক শিক্ষা লাভ কৰিবলৈ ধৰিলে আৰু  কবিৰত্ন উপাধি ৷ পাটবাউসী সত্ৰতে ভাগৱত পাঠ কৰি আছিল। এনেতে বড়নগৰৰ প্ৰধান  প্ৰধান মুখীয়াল মানুহ কেইজনমান আহি দামোদৰ দেৱক জনালেহি যে বড়নগৰত থাকি তেওঁবিলাকক ভাগৱত শুনাবৰ নিমিত্তে এজন ভাল ভাগৱতী দিব লাগে। দামোদৰ দেৱে তেওঁবিলাকৰ মনৰ অভিপ্ৰায় বুজি ভট্টদেৱকে সেই কামৰ নিমিত্তে যাবলৈ অনুমতি কৰিলে। এই কথাত বড়নগৰীয়া মানুহে মনত বড় আনন্দ পালে। বড়নগৰৰ মানুহবিলাকে