লীলা-তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল। তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে পাটবাউসীত সত্ৰ স্থাপন কৰি অসমৰ কেইওফালে বিশিষ্ট বিশিষ্ট লোকক ধৰ্ম্মাচাৰ্য্য নিযুক্ত কৰি পঠিয়াই ভাগৱতা ধৰ্ম প্ৰচাৰ কৰিছে; উজনি অসমলৈ ৺বংশীগোপালক পঠিয়াইছে, উত্তৰ ফালে ৺ভগৱানদেৱক পঠিয়াইছে আৰু দক্ষিণে ৺সন্তভূষণক পঠিয়াইছে। এই দৰে কেইওফালে ভাগৱতী ধৰ্ম প্ৰচাৰৰ লগে লগে দামোদৰ দেৱৰ আধ্যাত্মিক জীৱনৰ কথা বিয়াপি পৰিছে আৰু নাৰা-বাৰী পণ্ডিত মুখ সকলোৱে তেওঁৰ চৰণছত্ৰৰ তলত আশ্ৰয় লবৰ নিমিত্তে দলে দলে আহিব লাগিছে, এনে সময়তে ভট্টদেৱৰ পিক কবি সৰস্বতীয়ে এদিন পুতেকক মাতি কলে :-
“শুনা বাপু ভট্টদেৱ কৰিয়োক মন।
বৈষ্ণৱৰ পদে যাই লৈয়োক শৰণ॥
কৃষ্ণত শৰণ যিতো নৰে নলৱয়।
কদাচিতো নুগুচে সংসাৰ মৃত্যুভয়॥
ভক্ত ভক্তি ভগৱন্ত কহয় শাস্ত্ৰত।
আক নজানিয়া নৰে পড়ে সংসাৰত॥
নিশ্চয় শৰণ যেবে লৈলেক সন্তত।
নথাকয় অহঙ্কাৰ তাহাৰ দেহত॥
সংসাৰ তৰিলা সিতো জানা নষ্ট কৰি।
তুমি যাই সন্ত-গুৰু মানি ভজা হৰি॥” — ভূষণ-দ্বিজ৷
ভট্টদেৱে পিতৃ আজ্ঞা শিৰত লৈ দামোদৰ দেৱক দৰ্শন কৰিবলৈ পাটবাউসীলৈ আহিল। দামোদৰ দেৱক দেখিলে:-
“মহাতেজৱন্ত বৃদ্ধ শৰীৰ অত্যন্ত।
ভক্তি যেন মূৰ্ত্তি ধৰি প্ৰকাশ কৰন্ত॥”—ৰামৰায়।