পৃষ্ঠা:কথা-গীতা.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )

পাৰ্গত হৈ উঠিল। অলপ দিনৰ ভিতৰতে বৈকুণ্ঠনাথৰ পণ্ডিতালিৰ কথা চাৰিও ফালে বিয়াপি পৰিল৷ সকলোৱে কোৱাকুই কৰিবলৈ ধৰিলে যে বৈকুণ্ঠনাথে যেনে ভাগৱত ব্যাখ্যা কৰে, তেনেকৈ আৰু কোনো পণ্ডিতে ব্যাখ্যা কৰিব নেজানে। মহা মহা পণ্ডিতবিলাকে জন্ম গ্ৰহণ কৰি যি বংশক উজ্জ্বল কৰি গৈছিল, সেই বংশত বৈকুণ্ঠনাথে জন্মলৈ তাক আৰু উজ্জ্বল আৰু পবিত্ৰ কৰিলে।

 ৺গোপালদেৱৰ টোলত পঢ়ি বৈকুণ্ঠনাথে কিবা উপাধি পাইছিল নে নাই তাক কব নোৱাৰি কিন্তু তেওঁ “ভাগৱত- ভাগৱত-ভট্টাচাৰ্য্য৷ ভট্টাচাৰ্য্য” উপাধি বড়নগৰৰ ব্ৰাহ্মণ সমাজৰ পৰা পাইছিল। খুদিয়া সত্ত্ৰৰ প্ৰতিস্থাপক আৰু ঘোযা-ৰত্নৰ গ্ৰন্থকাৰ ৺গোপাল মিশ্ৰ, বৈকুণ্ঠনাথৰ সহপাঠী আৰু সখী আছিল। ৺গোপাল মিশ্ৰই তেওঁৰ পিতৃশ্ৰাদ্ধ উপলক্ষে খুদিয়াত এক সভা পাতিছিল; সেই সভাত বৈকুণ্ঠনাথ আৰু বড়নগৰৰ ব্ৰাহ্মণ পণ্ডিতবিলাক উপস্থিত আছিল, আৰু বৈকুণ্ঠনাথে ভাগৱত পঢ়ি ব্যাখ্যা কৰিছিল। তেওৰ মুখে ভাগৱতৰ সুললিত ব্যাখ্যা শুনি সভাত থকা সকলো মানুহ মুগ্ধ হৈছিল। গোপাল মিশ্ৰই আৰু ব্ৰাহ্মণ পণ্ডিতসকলে, সেই সভাতে বৈকুণ্ঠনাথক “ভাগৱত-ভট্টাচাৰ্য” উপাধি দিলে। সেই দিন ধৰি তেওঁৰ বৈকুণ্ঠনাথ নাম তল পৰি ভাগৱত-ভট্টাচাৰ্য্য বা ভট্টদেৱ নাম হে জলি উঠিল। তাৰ পাচত তেওঁ অনেক গ্ৰন্থ ৰচনা কৰিলেও আৰু কবিৰত্ন উপাধিৰে ভূষিত হলেও, আজিলৈকে মানুহে তেওঁক ভট্টদেৱ বুলিলেহে জানে।

 এইদৰে নিত্য নৈমিত্তিক ক্ৰিয়া কৰি ভট্টদেৱ ভেড়াগাঁৱতে আছিল। মাজে মাজে তেওঁ ভাগৱত ব্যাখ্যা কৰি মানুহক দামোদৰ দেৱৰ শিষ্য৷ শুনাইছিল। সকলোৱে তেঁওৰ মুখে শ্ৰীকৃষ্ণৰ লীলা তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল৷ তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে