পৃষ্ঠা:কথা-গীতা.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভট্টদেৱৰ জীবনী।*

 আজি প্ৰায় তিনি শ তিনি কুৰি বছৰ মান হল এজন পৰম প্ৰতিভাশালী মহাপুৰুষে এই দেশত জন্ম গ্ৰহণ কৰি আমাৰ দেশৰ মুখ উজ্জ্বল কৰি থৈ গৈছে। সেই মহাপুৰুষ জনেই হৈছে আৰম্ভণ৷পূজ্যপাদ ৺ বৈকুণ্ঠনাথ দেৱ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য। তেওঁ অসমৰ এক প্ৰসন্ধ পণ্ডিত বংশত জন্ম গ্ৰহণ কৰি অসমীয়া ভাষা আৰু জাতিৰ অশেষ কল্যাণ সাধি, অসমীয়া মানুহক চিৰকালৰ নিমিত্তে তেওঁৰ ওচৰত ঘৰুৱা কৰি থৈ গৈছে। তেওঁ আমাৰ দেশৰ প্ৰখ্যাত ধৰ্ম্মপ্ৰচাৰক শ্ৰীশ্ৰীদামোদৰ দেৱৰ এজন প্ৰধান অন্তৰঙ্গ প্ৰিয় শিষ্য আছিল; সেই গুণে তেওঁৰ জীৱনৰ প্ৰধান প্ৰধান ঘটনাবিলাকত দামোদৰ দেৱৰ প্ৰভাৱ বিশেষৰূপে দেখিবলৈ পোৱা যায়। আন কি ইয়াত লিখা তেওঁৰ জীবনৰ ঘটনাবিলাকো দামোদৰ দেৱৰ চৰিত্ৰ পুথিবিলাকৰ পৰাহে সংগ্ৰহ কৰা হৈছে৷ অৱশ্যে আমি পাটবাউসী আৰু বিয়াহকুচি সত্ৰত অনুসন্ধান কৰিও তেওঁৰ জীবনী সম্বন্ধে কোনো কোনো কথা জানিব পাৰি ইয়াত যোগ দিছোহঁক; তথাপি আমি সাহি কব নোৱাৰো যে ভট্টদেৱব বিষয়ে জানিব লগীয়া সকলো কথাই ইয়াত ঠাই পাইছে। আচল কথা কবলৈ গলে ই ভট্টদেৱৰ জীবনীৰ এখন আঁচনি মাথোন। সুনিপুণ খনিকৰে আগলৈ এই আঁচনিত ৰহন লগাই ভট্টদেৱৰ জীবনৰ সৌন্দৰ্য্য বাহিৰ কৰিব, এই আশাৰে আমি ইয়াকে আজি অসমীয়া ৰাইজক উপহাৰ দিলোঁ।

________________________________________________________________________

 * এই ৰচনাখনি ১৯১৮ ইংৰাজী চনৰ ২২ জুলাই তাৰিখে গুৱাহাটীৰ অ-ভা-উ-সা সভাৰ বৈঠকত কৰ্জ্জনহলত পাঠ কৰা হৈছিল।