পৃষ্ঠা:কথা-গীতা.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
কথা-গীতা৷

সি মোত পৰম ভক্তি কৰে। অসংশয় হুয়া মোক পাৱে। তাত কৰি মনুষ্যৰ মধ্যত কোনুজন মোৰ অত্যন্ত প্ৰিয়কাৰী নাই। তাত বিনে মোৰ আন প্ৰিয়তম নাই। যি অৰ্থক নজানে পাঠ মাত্ৰ কৰে তাৰো ফল শুনা। তুমাৰ আমাৰ সম্বাদক যি পাঠ কৰে সি সকল যজ্ঞত শ্ৰেষ্ঠ জ্ঞানযজ্ঞে মোক পূজা কৰে, এমনে মোৰ মতি হয়। যদি গীতাৰ অৰ্থ নুবুঝি পাঠ মাত্ৰ কৰে তথাপি তাকে শুনন্তা মোকে প্ৰকাশ কৰে বুলি মোৰ বুদ্ধি হয়। যেন লোকত নজানিয়ো কোনো জনে কাৰো নাম লৈলে তাক শুনি সি জনে মোক মাতৈ বুলি তাৰ সমীপক যাই, তেমনে মঞি গীতাৰ পাঠ শুনি তাৰ সমীপক যাঞু। যেন অজামিল বিপ্ৰৰ অভাস নাম গ্ৰহণ মাত্ৰে প্ৰসন্ন হৈলো।

 গীতা পাঠ কৰিতে যদি কোনো জনে শুনে তাৰো ফল শুনা। শ্ৰদ্ধাযুক্ত হুয়া যি গীতা পাঠ শুনে, শ্ৰদ্ধালু হুয়ো কোনে উচ্চ কৰি পঢ়ে, কোনে বা অশুদ্ধ পঢ়ে এই অসুয়া নকৰি সিয়ো সকল পাপে মুক্ত হুয়া পুণ্যবন্তৰ লোক পায়া অনুক্ৰমে মোক্ষ পাৱে। ভাল মতে যদি তুমাৰ বোধ নহৈল তেবে পুনু উপদেশ দেঞু, এই আশয়ে কহন্ত। হে পাৰ্থ তুমি একাগ্ৰ মনে গীতা শুনিলা তেবে তুমাৰ অজ্ঞান মোহ নষ্ট হৈল। কৃতাৰ্থ হুয়া অৰ্জ্জুনে বোলন্ত। হে পৰমেশ্বৰ! তুমাৰ প্ৰসাদে মোৰ মোহ নষ্ট হৈল, জ্ঞানকো লভিলো, কৰ্ম্মতো সংশয় গুচিল, এতেকে যুদ্ধক লাগি উঠিলো, তুমাৰ আজ্ঞাক অবশ্যে কৰিম।