পৃষ্ঠা:কথা-গীতা.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
অষ্টাদশ অধ্যায়

ৰাগ দ্বেষ ৰহিত নিষ্কাম কৰ্ম্মক সাত্বিক বুলি। সকাম অহঙ্কাৰ কৃত বহু প্ৰয়াস যুক্ত কৰ্ম্মক ৰাজস বুলি৷ শুভ অশুভ বিত্তব্যয় পৰপীড়া আপুনাৰ শক্তিকো অপেক্ষা নকৰি যি কৰ্ম্ম কৰে তাক তামস বুলি।

 আবে কৰ্ত্তাৰ তিনি বিধ কহন্ত। মুক্তসঙ্গ গৰ্ব্বোক্তিহীন ধৈৰ্য্যউদ্যমযুক্ত কৰ্ম্ম সিদ্ধিত হৰিষ অসিদ্ধিত বিষাদ ৰহিত কৰ্ত্তাক সাত্বিক বুলি। পুত্ৰাদিত প্ৰীতি হুয়া কৰ্ম্ম ফলক বাঞ্ছা কৰি বিষয়লোভী হিংসাপৰ শৌচশূন্য লাভত হৰ্ষ অলাভত শোকযুক্ত কৰ্ত্তাক ৰাজস বুলি। অসাবধান বিবেক শূন্য অনম্ৰ বঞ্চক পৰক অবমানি অনুদ্যমপৰ শোকযুক্ত, দুই দিনৰ কাৰ্য্যক যি মাসেকে কৰে, তাক তামস কৰ্ত্তা বুলি। আবে বুদ্ধিৰ তিনি বিধ কহো মন কৰি শুনা। ধৰ্ম্মত প্ৰবৃত্তি অধৰ্ম্মত নিবৃত্তি কাৰ্য্য অকাৰ্য্য ভয় অভয় বন্ধ মোক্ষক যি বুদ্ধিয়ে জানে তাক সাত্বিক বুলি। ধৰ্ম্ম অধৰ্ম্মক কাৰ্য্য অকাৰ্য্যক সংশয় কৰি যি বুদ্ধিয়ে বুঝে তাক ৰাজস কহি। অধৰ্ম্মক ধৰ্ম্ম কৰি যি বুদ্ধিয়ে জানে সকল অৰ্থক বিপৰীত কৰি বুঝিলে তামস বুদ্ধি বুলি।

 ধৃতিৰ তিনি বিধ কহন্ত। যি ধৃতিয়ে মন প্ৰাণ ইন্দ্ৰিয়ৰ বৃত্তিক চিত্তৰ একাগ্ৰ বিষয়ৰ নিবৃত্তি কৰি ৰাখে তাকে সাত্বিক ধৃতি বুলি। যি ধৃতিয়ে ধৰ্ম্ম অৰ্থ কামক প্ৰধান মতে ধৰে, প্ৰসঙ্গত ফলক কামনা কৰে তাকে ৰাজস ধৃতি কহি। যি ধৃতিয়ে নিদ্ৰা ভয় শোক বিষাদ মদক নেড়ে তাক তামস ধৃতি বুলি। আৰে সুখৰ তিনি বিধ শুনা। যি সুখত পুৰুষে