পৃষ্ঠা:কথা-গীতা.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
কথা-গীতা৷

এই পঞ্চ কাৰণ কহিছে, আত্মাৰ অহঙ্কাৰ নিবৃত্তিৰ অৰ্থে, তাক তুমি জানা। তাকে কহন্ত, শৰীৰ অহঙ্কাৰ ইন্দ্ৰিয় দশ প্ৰাণ ইন্দ্ৰিয়ৰ অধিষ্ঠাতা দেবসব, এই পঞ্চ সকল কৰ্ম্মৰ কাৰণ বুঝিবা। পুৰুষে কায় বাক্য মনে যুক্তাযুক্ত যি কৰ্ম্মক আৰম্ভ কৰে তাৰ এই পঞ্চ হেতু জানি, আত্মাক অসঙ্গ নিৰুপাধী কৰি শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে যি জানে তাকে সুমতি বুলি। যি এমনে নজানে তাক দুৰ্ম্মতি কহি। এতেকে যাৰ অহঙ্কাৰ নাই বুদ্ধিও কাতো আসক্তি নকৰে এমন দেহ ব্যতিৰিক্ত আত্মজ্ঞানী লোক দৃষ্টি সকল লোকক বধিয়ো নবধে, তাৰ দোষেও নপাৱে। তেবে কি বুলিবো চিত্তশুদ্ধি দ্বাৰায়ে জ্ঞান সাধন কৰ্ম্মসবে বন্ধ নহৈব।

 যদি বোলা আক বিৰুদ্ধ দেখি তেবে তাৰ যুক্তি শুনা। নিৰ্গুণ আত্মাৰ গুণময় কৰ্ম্মাদিসমে সম্বন্ধ নাই, আকে দেখাইতে বোলন্ত। ইষ্ট সাধন বোধক জ্ঞান বুলি, ইষ্ট সাধন কৰ্ম্মক জ্ঞেয় বুলি, আৰ পৰিজ্ঞাতাক জ্ঞানাশ্ৰয় বুলি। এই তিনি প্ৰকাৰক কৰ্ম্ম বিধি কহে। কৰণ কৰ্ম্ম কৰ্ত্তাক ক্ৰিয়াশ্ৰয় বুলি এইসবক সাঙ্খ্য শাস্ত্ৰত গুণ ভেদে ত্ৰিবিধ কহে, তাক কহে সাবধানে শুনা। তাতে জ্ঞানৰ সাত্বিকাদি ভেদে তিনি বিধ কহন্ত। ব্ৰহ্মাদি স্থাবৰ পৰ্য্যন্ত প্ৰাণীত এক অব্যয় পৰমাত্মাক যি জ্ঞানে দেখে তাক সাত্বিক জ্ঞান বুলি। নানা ভাবে অনেক আত্মাক দেখিলে ৰাজস জ্ঞান বুলি। এতেকে প্ৰতিমাদিত পৰিপূৰ্ণ ঈশ্বৰ মানিলে তাক অল্প তামস জ্ঞান বুলি। আবে কৰ্ম্মৰ তিনি বিধ শুনা। নিত্য নৈমিত্তিক অভিনিবেশ শূন্য