পৃষ্ঠা:কথা-গীতা.djvu/১৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
কথা-গীতা৷

কৰ্ম্মৰ ফলমাত্ৰ পৰিত্যাগ কৰিবে যদি বোলা ফল ত্যাগ হৈলে নিষ্ফল কৰ্ম্মত প্ৰবৃত্তি নহৈব সিয়ো নহে, সকল কৰ্ম্মৰ সঙ্কল্প ভেদে আত্মজ্ঞানৰ অৰ্থে বিনিয়োগ আছে।

 এতেকে বঞ্চক পদে সকল কৰ্ম্মৰ ফলক এড়ি আত্মজ্ঞানৰ অৰ্থে কৰ্ম্ম আচৰিব। যাৱে বুদ্ধি আত্মনিষ্ঠ নহে তাৱে চিত্তশুদ্ধিৰ অৰ্থে যথোচিত কৰ্ম্ম কৰিব। এই অৰ্থ বেদতো কহিছা, নৈষ্কৰ্ম্ম সিদ্ধিতো দেখাইছা, বশিষ্ঠ বাক্যতো পায়, ভাগৱতেয়ো কহন্ত। তাৱে পুৰুষে কৰ্ম্ম কৰিব, যাৱে বিৰক্ত নহে, মোৰ কথা শ্ৰবণাদিত যাৱে সাত্বিক শ্ৰদ্ধা নহে। জ্ঞাননিষ্ঠ বিৰক্ত বা অপেক্ষাৰহিত মোৰ ভক্ত, চিহ্ন সমে আশ্ৰম ধৰ্ম্ম এড়ি স্নান শৌচ আচান্তাদি মাত্ৰ কৰিব। অজ্ঞানী পুৰুষৰ ফলত্যাগ মাত্ৰ কৰ্ম্মত্যাগ নঘটে। আকে পৰ মত দূৰ কৰি আপুনাৰ মতক দৃঢ় কৰিবাক লাগি মতভেদ দেখান্ত। সাংখ্যবাদীসবে হিংসাদি দোযযুক্ত মানি বন্ধ ভয়ে সকল কৰ্ম্মৰ পৰিত্যাগ কহে। মীমাংসকসবে কহে যজ্ঞ দান তপ কৰ্ম্মক কদাচি পৰিত্যাগ নকৰিব। এমন ব্যৱস্থা ত্যাগত মোৰ বাক্যত নিশ্চয় শুনা। হে পুৰুষশ্ৰেষ্ঠ ! এই ত্যাগ দুৰ্ব্বোধ যাতো সত্বাদি গুণ ভেদে তিনি বিধ কৰি কহে। পুৰুষে যজ্ঞ দান তপ কৰ্ম্মক এড়িবে নাপাৰে কিন্তু সাৱধানে কৰিব যাতো বিবেকীজনৰ যজ্ঞাদি শুদ্ধিকৰ হয়।

 যি প্ৰকাৰে কৰিলে শুদ্ধিকৰ হয় তাক শুনা। পুৰুষে যজ্ঞাদি কৰ্ম্মত অভিনিবেশ এড়ি ঈশ্বৰৰ আজ্ঞা মানি ফলত্যাগ কৰি কৰিব, আকে মোৰ উত্তম মত বুঝিবা। ইদানীক ত্যাগৰ তিনি বিধ