পৃষ্ঠা:কথা-গীতা.djvu/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
সপ্তদশ অধ্যায়

দানাদি সকল ৰাজস তামস প্ৰায় দেখি, এতেকে ব্যৰ্থ যজ্ঞাদি প্ৰয়াস, এই আশঙ্কাত তেমন যজ্ঞাদিৰো সাত্বিক হৈবাৰ উপায় কহন্ত।

 বেদৰ প্ৰসিদ্ধ তিনি বিধ মন্ত্ৰ, পৰমাত্মাৰ নাম, বিগুণকো সগুণ কৰিবাক পাৰে, যি তিনি বিধ মন্ত্ৰে ব্ৰাহ্মণ বেদ যজ্ঞক সগুণ কৰি পবিত্ৰ কৰিছা। ইদানীক, তিনিও মন্ত্ৰৰ প্ৰত্যেকে প্ৰশস্ত কহন্ত৷ ভগৱন্তৰ নাম মন্ত্ৰক উচ্চাৰণ কৰি কৰিলে বেদবাদী সবৰ যজ্ঞ দান তপ ক্ৰিয়াসব বিগুণো সগুণ হয়৷ দ্বিতীয় নাম কীৰ্ত্তন কৰি কৰিলে চিত্তশুদ্ধি নিষ্কাম মুমুক্ষু কৰাৱে। তৃতীয় নাম লৈয়া কৰ্ম্মসব কৰিলে সবাকে শ্ৰেষ্ঠ কৰে। পৰমেশ্বৰ নাম কীৰ্ত্তনে কৰ্ম্মসব শ্ৰেষ্ঠ হৈব তাক কি বুলিবো। আৰ প্ৰসিদ্ধ তিনি নাম সেই পৰমাত্মাৰ অৰ্থে যি কাম কৰে তাৰ সাধন কৃষি বাণিজ্যাদিয়ো মহাফল সাধে।

 এতেকে অতি প্ৰশস্ত ভগৱন্তৰ নাম সকল কৰ্ম্মৰ সাদ্‌গুণ্যৰ অৰ্থে কীৰ্ত্তন কৰোক। ইদানীক সকল কৰ্ম্মক শ্ৰদ্ধায়ে কৰিবাৰ অৰ্থে অশ্ৰদ্ধাকৃতক নিন্দা কৰন্ত। পুৰুষে অশ্ৰদ্ধায়ে যি তপ হোম আচৰে তাক অসন্ত বুলি। ইদানীক যশস্যা নহে যিগুণ পদে পৰলোকত ফল নপাৱে। পুৰুষে ৰাজস তামস শ্ৰদ্ধা এড়ি সাত্বিক শ্ৰদ্ধা আশ্ৰয় কৰি তত্ত্বজ্ঞানৰ অধিকাৰী হয়। আকে সপ্তদশ অধ্যায়ত নিৰ্ণয় কৰিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং সপ্তদশোহধ্যায়ঃ ॥ ১৭ ॥

 হে লোকসব দেখ ভগৱন্তৰ নামৰ মহিমা যাৰ কীৰ্ত্তনে বিগুণ কৰ্ম্মে সগুণ হয়। এতেকে সদাই নামৰ অভ্যাস নেৰি ডাকি হৰি বোল হৰি।