পৃষ্ঠা:কথা-গীতা.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
কথা-গীতা৷

যজ্ঞো তিনি বিধ তাতে সাত্বিক যজ্ঞ কহন্ত। পুৰুষে ফুলক আকাঙক্ষা নকৰি আৱশ্যকৰূপে বিহিত যজ্ঞক যি অনুষ্ঠান কৰে তাক সাত্বিক বুলি। ফলক অভিসন্ধান কৰি মহত্ত্ব জনাইবাৰ অৰ্থে বা যি যজে তাক ৰাজস বুলি। যথোক্ত বিধিহীন উত্তম ব্ৰাহ্মণ বৰ্জ্জিত মন্ত্ৰহীন অনুৰূপ দক্ষিণাহীন শ্ৰদ্ধাশূন্য যজ্ঞক তামস কহি। তপৰো তিনি বিধ দেখাইবাক লাগি প্ৰথম শাৰীৰ মানস বাচনিক ভেদে ত্ৰিবিধ কহন্ত। দেব ব্ৰাহ্মণ গুৰু, মহন্তৰ পূজা শৌচ আৰ্য্যব ব্ৰহ্মচৰ্য্য অহিংসা আক শাৰীৰ তপ বুলি। সত্যপ্ৰিয় অভয় বেদঅভ্যাসিত বচনক বাচনিক তপ জানিবা। মনৰ প্ৰসন্ন সৌম্য মনন, বিষয় প্ৰত্যাহাৰ ব্যৱহাৰত অকপট, আকে মানস তপ বুলি।

 এই তিনিও বিধ তপৰ সাত্বিকাদি ভেদক কহন্ত। এই তপক পৰম শ্ৰদ্ধায়ে নিষ্কামে একাগ্ৰচিত্তে কৰিলে সাত্বিক কহি। প্ৰশংসা নমস্কাৰ অৰ্থলাভৰ নিমিত্তে দম্ভত বা যি কৰে তাক চঞ্চল ৰাজস বুলি৷ দুৰাগ্ৰহ কৰি আপুনাৰ পীড়ায়ে অন্য নাশৰ অৰ্থে বা যি তপ আচৰে তাক তামস জানিবা। পূৰ্ব্ব প্ৰতিজ্ঞাত দানৰ তিনি বিধ কহন্ত। অনুপকাৰী জনক নিষ্কামে দেশ কাল পাত্ৰ চায়া যি দান কৰে সি সাত্বিক। উপকাৰৰ অৰ্থে ফলক উদ্দেশে বা চিত্তৰ ক্লেশে যি দান কৰে সি ৰাজস। অদেশ অকাল অপাত্ৰত যি দান দেই, দেশ কাল পাত্ৰ হৈলেও সৎকাৰ নকৰি, অবজ্ঞাত বা যি দান আচৰে সি তামস। যদি বোলা এমন বিচাৰ কৰিলে যজ্ঞ তপ