সপ্তদশ অধ্যায়।
দৈবী সম্পত্তিৰ মধ্যত সাত্বিক শ্ৰদ্ধা মুখ্য। এতেকে সপ্তদশ অধ্যায়ে তিনি বিধ শ্ৰদ্ধা কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত কহিলা শাস্ত্ৰ বিধিক এড়ি স্বেচ্ছাই প্ৰৱৰ্ত্তিলে জ্ঞানৰ অধিকাৰী নহে। তাতে শাস্ত্ৰ বিধিক এড়ি স্বেচ্ছা প্ৰবৃত্তি বিনে শ্ৰদ্ধাই প্ৰৱৰ্ত্তমানসবৰ জ্ঞানৰ অধিকাৰ আছে নাই আকে জানিতে অৰ্জ্জুনে পোছন্ত৷ হে কৃষ্ণ! যি সবে দুখ্ষ বুদ্ধি আলস্যত বা শাস্ত্ৰক জানিতে ধত্ন নকৰি আচাৰ প্ৰমাণে শ্ৰদ্ধাযুক্ত হুয়া যজে, তাৰ সত্ব ৰজ তম তিনি গুণৰ মাঝত কিসত স্থিতি। আৰ উত্তৰ শ্ৰীভগৱন্তে কহন্ত। জানা অৰ্জ্জুন শাস্ত্ৰতত্ত্ব জানি যাৰা প্ৰৱৰ্ত্তে তাৰ পৰমেশ্বৰ পূজা বিষয় সাত্বিক একবিধ মাত্ৰ শ্ৰদ্ধা। লোকাচাৰ মাত্ৰে প্ৰৱৰ্ত্তমান জনৰ পূৰ্ব্বৰ সংস্কাৰে সাত্বিক ৰাজসিক তামস ভেদ হয়। যদি বোলা শ্ৰদ্ধা সাত্বিক সে কেনে তুমি তিনি বিধ কহা তাত শুনা। সত্বৰ অনুৰূপে সকল জনৰ শ্ৰদ্ধা হয়। একে সত্ব ৰজ তম মিশ্ৰ হৈলে ত্ৰিবিধ হয়। এতেকে লোকো তিনি বিধ শ্ৰদ্ধাযুক্ত হয়। যি যেমন শ্ৰদ্ধাযুক্ত তাক তেমন বুলি। সাত্বিক শ্ৰদ্ধাযুক্ত হৈলে পুৰুষকো সাত্বিক বুলি। ৰাজস শ্ৰদ্ধাযুক্ত হৈলে ৰাজসিক, তামস শ্ৰদ্ধাযুক্ত হৈলে তামসিক কহি। লোকক দেখি প্ৰৱৰ্ত্তিলে এই তিনি বিধ শ্ৰদ্ধা। শাস্ত্ৰজ্ঞানে স্বভাৱ জয় হৈলে সাত্বিক এক বিধ মাত্ৰ শ্ৰদ্ধা হয়।