বৰ্জ্জিৰাৰ অৰ্থে আসুৰী সম্পত্তইক প্ৰপঞ্চি কহন্ত। প্ৰাণীসবৰ দৈব আসুৰ দুই সৃষ্টি তাতে দৈবী সম্পত্তিক বিস্তৰ কহিছো৷ আসুৰ সৃষ্টি শুনা। আসুৰ স্বভাৱ লোকসবে ধৰ্ম্মত প্ৰবৃতি অধৰ্ম্মত নিবৃত্তি নজানে শৌচ আচাৰ সত্যো তাৰাৰ নাই। যদি বোলা বেদোক্ত ধৰ্ম্ম অধৰ্ম্মত প্ৰবৃত্তি নিবৃত্তিক কেনে নজানিব। ধৰ্ম্ম অধৰ্ম্মক নমানিলে সুখ দুষ্খ ব্যৱস্থা হৈব। কেমনে বা শৌচ আচাৰাদি ঈশ্বৰ আজ্ঞাক অতিক্ৰমে। ঈশ্বৰক নমানিলে কেমনে জগতৰ উৎপত্তি হৈব।
আত শুনা। নাই সত্য বেদ প্ৰমাণ যাত তেমন জগত কহে এতেকে ধৰ্ম্মৰূপ ব্যৱস্থাও নাই৷ স্বভাৱে জগত বিচিত্ৰ কহে। ঈশ্বৰকো কৰ্ত্তা নমানে। স্ত্ৰী পুৰুষ সংযোগে জগত উৎপত্তি কহে। কামত বিনে আন কাৰণ নমানে। এমনে পাষণ্ড শাস্ত্ৰক আশ্ৰয় কৰি মলিন চিত্ত হুয়া অল্পমতিসব ইষ্টবাদী হুয়া অভিচাৰ কৰ্ম্ম কৰি সবাৰে অহিত হুয়া জগতৰ ক্ষয়ৰ নিমিত্তে উদ্ভৱ হয়। যাক মহা দুষ্খে পূৰণ কৰি হেন কামক আশ্ৰয় কৰি দন্ত মান মদে যুক্ত হুয়া এই মন্ত্ৰে এই দেৱতাক আৰাধন কৰি মহানিধি সাধিবো বুলি মদ্য মাংস বিষয় ব্ৰতক ধৰি ক্ষুদ্ৰ দেৱতা আৰাধনত প্ৰৱৰ্ত্ত৷ কাম ভোগক পুৰুষাৰ্থ মানি সদায়ে চিন্তাতুৰ হুয়া আশা পাশে বন্দি পড়ি নানা স্থানক আকৃষ্ট হয়া কাম ক্ৰোধক আশ্ৰয় কৰি কামভোগৰ অৰ্থে অন্যায় কৰি অৰ্থ সঞ্চয় কৰে।
তাৰ মনোবাঞ্ছা কৰি নৱক প্ৰাপ্ত কহন্ত। আজি মোৰ ইমান লাভ হৈল কালিও ইমানে পাইবো, ইমান মোৰ সঞ্চয়