পৃষ্ঠা:কথা-গীতা.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
কথা-গীতা৷

দ্বাৰে তাঙ্কে সে পায়, সবাৰে হৃদয়ত নিয়ন্তা ৰূপে থাকন্ত। এমনে ক্ষেত্ৰ জ্ঞান সাধন জ্ঞেয় বস্তু তুমাৰ আগত সংক্ষেপে কহিলো। আক মোৰ ভক্তে অযত্নে জানি মোৰ স্বৰূপ পাৱে।

 হে অৰ্জ্জুন! অনাদি ঈশ্বৰৰ পুৰুষ অংশ, প্ৰকৃতি শক্তি, এতেকে দুইকো অনাদি জানিবা বিকাৰ দেহেন্দ্ৰিয়াদি গুণ পৰিণাম সুখ দুষ্‌খাদিক প্ৰকৃতিৰ কাৰ্য বুঝিবা। দেহ ইন্দ্ৰিয় পৰিণামক প্ৰতি প্ৰকৃতিক কাৰণ কহে। সুখ দুষ্‌খৰ ভোগক লাগি জীবকে হেতু বুঝিবা। আৰ এমন অভিপ্ৰায়। যদ্যপি অচেতন প্ৰকৃতিৰ স্বতসে কাৰণ নঘটে, অধিকাৰী জীবৰো ভোগ নঘটে। তথাপি চেতনৰ সকাশত অচেতনৰো প্ৰবৃত্তি দেখি, যেন বায়ুৰ সকাশত তৃণ চলে, অগ্নিৰ সকাশত জ্বালাসব উৰ্দ্ধ হয়, বৎসৰ সকাশত স্তনৰ দুগ্ধ স্ৰবে। এমনে, পুৰুষৰ সন্নিধানে প্ৰকৃতি কাৰণ হয়। যদি বোলা অবিকাৰী জন্মহীন পুৰুষৰ কেনে ভোগ হয়, তাত শুনা। প্ৰকৃতিৰ কাৰ্য্য দেহত জীবৰূপে থাকে, দেহজনিত সুখাদিক ভোগ কৰে।

 এই পুৰুষৰ উৎকৃষ্ট নিকৃষ্ট যোনিত ইন্দ্ৰিয়সঙ্গে ভোগৰ কাৰণ জানিবা। এতেকে অজ্ঞানে সে জীবৰ সংসাৰ, পৰমাৰ্থত নাই। এই অভিপ্ৰায়ে জীবৰ স্বৰূপ কহন্ত। প্ৰকৃতিৰ কাৰ্য্য দেহত থাকিতেও পুৰুষ দেহত পৰ তাৰ গুণে যুক্ত নহে, তাৰ হেতু শুনা। দ্ৰষ্টা অনুমোদন ধাৰণ পালন সন্নিধানে মাত্ৰে কৰ্ত্তা৷ মহন্ত ঈশ্বৰ পৰাত্মা বুলিয়ো বেদত কহে। এমনে পুৰুষক নিৰ্গুণ প্ৰকৃতিক গুণময় কৰি যি জানে, সি বিধিক উলঙ্ঘি প্ৰৱৰ্ত্তিলেও