পৃষ্ঠা:কথা-গীতা.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)


দ্বিতীয় সংস্কৰণ।

 এই কিতাপ প্ৰথম বাৰ প্ৰকাশ কৰোতে কেতিয়াও নেভাবিছিলো যে সি তিনি চাৰি মাহৰ ভিতৰতে বিক্ৰী হৈ যাব। তাৰ পাচৰ পৰা অনেক অসমীয়া আৰু বঙ্গালী ভদ্ৰলোেকে এই কিতাপৰ অনুসন্ধান কৰি আছে। কিতাপ নথকাত তেওঁবিলাকক দিব পৰা নাছিলোঁ। আগৰ বাৰত ৫০০ কপি মাত্ৰ পোৱা গৈছিল, এই বাৰ ১০০০ কপি ছপোৱা হৈছে। প্ৰথমবাৰ ছপা কবোৱাত যি যি বৰ্ণাশুদ্ধি দোষ আছিল তাক এইবাৰ শুদ্ধ কৰি দিয়া হৈছে। তথাপি বিদেশত ছপা হোৱাৰ বাবে ইয়াত যে বৰ্ণাশুদ্ধি দোষ নাই তাক ডাঠি কব নোৱাৰি।

 ৺স্বৰ্গীয় ভোলানাথ বৰুৱা ডাঙ্গৰীয়াই এই সংস্কৰণ ছাপোৱাৰ গোটেই খিনি খৰচ দিবলৈ গাত লৈছিল আৰু তাৰ বাবে এশ টকা দিছিলো। কিন্তু দুৰ্ভাগ্যবশত তেখেতে অকালতে নৰ-নাট সামৰিব লগীয়া হোৱাত তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে, সকলো ভগৱানৰ ইচ্ছা। তেখেতৰ আত্মাই যেন সদ্গতি লাভ কৰে এয়ে ঈশ্বৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা। এই কিতাপৰ প্ৰথম সংস্কৰণ ৰাইজে যেনে মৰমৰ চকুৰে চাইছিল এই সংস্কৰণো যেন তেনে মৰমৰ চকুৰেই চাই এয়ে ৰাইজৰ ওচৰত আমাৰ গোহাৰি। ইতি-

গুৱাহাটী।
১৮৪৬ শক।

শ্ৰীহেমচন্দ্ৰ গোস্বামী
 
____