পৃষ্ঠা:কথা-গীতা.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কথা-গীতা৷

মোৰ যজনপৰ হুয়া, মোকে নমস্কাৰ কৰা। এতেক প্ৰকাৰে মৎপৰায়ণ হুয়া, মোত মন স্থিৰ কৰি পৰমানন্দৰূপ মোক পাইবা। এমনে ৰাজগুহ্যনাম নৱম অধ্যায়ত আপুনাৰ আশ্চৰ্য্য ঐশ্বৰ্যক ভক্তিৰো অসাধাৰণ ঐশ্বৰ্য্যক কৃপায়ে অচ্যুতে কহিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং নবমোহধ্যায়ঃ ॥ ৯ ॥

 হে সামাজিকসব দেখ ভগৱন্তে প্ৰথমে দুষ্কৰ জ্ঞান কৰ্ম্ম কহি নৱম অধ্যায়ত ভক্তি বিনে আন নকহিলা। এতেকে পৰম সুগম ভক্তি কৰি ডাকি হৰিবোল হৰি।

যোৰাজগুহ্যনিজপাদযুগাব্জভক্তিম্
নানাপ্ৰকাৰমবদদ্দয়য়া জনানাম্ ।
তস্মৈ নমোভুবনকোষনিধানবীজ-
স্থানীয় লোকপতয়ে গতয়ে স্বকানাম্ ॥