(৪)
গুণেই তাৰ সংস্কৃত শ্লোকবিলাক প্ৰায়েই ভুল আৰু গোটেইখন পুথিও বৰ্ণাশুদ্ধিৰে ভৰা।
(২) কামৰূপৰ পুথি। এইখন ১৭০০ শকত লিখা এখন সাঁচী- পতীয়া পুথি। এইখন পুথিত বৰ্ণাশুদ্ধি দোষ নিচেই কম আৰু তাৰ আখৰবিলাকো বড় সুন্দৰ আৰু স্পষ্ট। এইখন বড়পেটাৰ অন্তৰ্গত কেওঁটকুচি সত্ৰৰ পুথি; সেই সত্ৰৰ ডেকা ভট্টদেৱৰ বংশৰে শ্ৰীযুত হৰেন্দ্ৰ- নাৰায়ণ গোস্বামীয়ে তাক আনি দিছিল। এই পুথি নোপোৱা হলে কি জানি এই কিতাপ প্ৰকাশ কৰাই সম্ভৱ নহলহেতেন।
(৩) বড়পেটাৰ ছপা কিতাপ। ৺ ভট্টদেৱৰ কথা-গীতা, কিতাপ আকাৰে ছপা হোৱা এয়েই প্ৰথম। এই কিতাপ বড়পেটাৰ অন্তৰ্গত বড়িগাঁও নিবাসী ৺ অনাদৰ দাস উকিলে ১২৮২ চনত ছপা কৰে। ৪৩ বছৰৰ আগেয়ে এই পুথি কিতাপ আকাৰে ছপা কৰি উলিওৱাৰ বাবে ৺ অনাদৰ দাস উকিল মহাশয় আমাৰ অশেষ ধন্যবাদৰ পাত্ৰ। কিন্তু দুখৰ বিষয় এইহে যে কিতাপখন আদিৰে পৰা অন্তলৈকে অশুদ্ধ পাঠেৰে ভৰা আৰু সেইগুণে ইয়াক পঢ়ি গীতাৰ অৰ্থ বুজাও অসম্ভৱ। তাত বাজেও এই কিতাপ আজিকালি কতো পাবলৈ নাইকিয়া। আমি অনেক পুৰুষাৰ্থ কৰিহে পাটবাউসী সত্ৰৰ বৰ্ত্তমান অধিকাৰ ৺ ভট্টদেৱৰ বংশধৰ মাননীয় শ্ৰীশ্ৰীযুক্ত গোবিন্দদেৱ গোস্বামীৰ পৰা যেনে তেনে মতে জীৰ্ণাৱস্থাৰ এখন কিতাপ সংগ্ৰহ কৰিছোঁ। ৺ অনাদৰ দাস উকিল মহাশয়ে ছপোৱা কিতাপৰ এইখনেই শেষ সংখ্যা হলেও হব পাৰে। এই কিতাপত অনেক ভুল থাকিলেও ইয়াৰ পৰাও যে আমি ঠায়ে ঠায়ে উপকাৰ পোৱা নাই তেনে নহয়।
আমি এতিয়া কথা-গীতাৰ যি সংস্কৰণ প্ৰকাশ কৰিলোঁ তাৰ আদিতে পাঠক সকলৰ সুবিধাৰ নিমিত্তে ৺ভট্টদেৱৰ এখনি সঙেক্ষপ জীবন চৰিত