পৃষ্ঠা:কথা-গীতা.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কথা-গীতা।

মন্দিৰ মাৰ্জ্জনাদি কৰ্ম্ম প্ৰতিদিনে আচৰে; কতোসবে পঞ্চৰাত্ৰাদি বিধি অনুসাৰে নিত্য পূজা কৰে; কতোসবে দণ্ডৱতে প্ৰদক্ষিণ কৰি অষ্টাঙ্গে প্ৰণাম কৰে; কতোসবে অসন প্ৰাণায়ামাদি কৰি নিতান্তে ধ্যান কৰে; কতোসবে সকল লৌকিক বৈদিক কৰ্ম্ম হৰিত সমৰ্পণ কৰে; কতো বিবেকীসবে সাধুসঙ্গ লৈয়া শ্ৰবণ-কীৰ্ত্তন কৰে; কোনো সবে সবাতে বাসুদেব দৃষ্টি কৰি মোক উপাসা কৰে। আতে কতোসবে অভেদ ভাবনা আচৰে, কতোসবে দাসোহং ভাবনা কৰে। কতোসবে সৰ্ব্বাত্মা ভগবন্তক ব্ৰহ্মাৰুদ্ৰাদিৰূপে সেবা কৰে।

 সৰ্ব্বাত্মাকে প্ৰপঞ্চি কহন্ত। মঞি শ্ৰুতিবিহিত অগ্নিস্তোমাদি ক্ৰতূ৷ স্মৃতিবিহিত পঞ্চযজ্ঞাদিও মঞি৷ পিতৃৰ অন্নশ্ৰাদ্ধাদি, ধান্যাদিশস্য, ঔষধসব, মন্ত্ৰগণ, ঘৃত অগ্নি হোম, পিতৃ কৰ্ম্মফলবিধাতা, পিতামহ মঞি। জ্ঞাতব্য পাবন, প্ৰণব, ঋক, সাম, যজু, ফলপোষক মঞি। নিয়ন্তা সাক্ষা ভোগস্থান, ৰক্ষকহিতকৰ্ত্তা, স্ৰষ্টা সংহৰ্ত্তা আবাৰ লয়স্থান অবিনাশী কাৰণ মঞি। আদিত্যৰূপে গ্ৰীষ্মকালত তাপ মঞিসে কৰো। বৃষ্টিকালত মঞিসে বৰিষোঁ, কদাচিত নবৰিষোঁ। জীবন মৰণ দৃশ্য অদৃশ্য এইসব মেক মানি বহুধাৰূপে উপাসা কৰে। এমনে বহুপ্ৰকাৰে ভগৱন্তৰ ভজনমাৰ্গ আছে। তাৰ মধ্যত কুনো প্ৰকাৰে যি ভগৱন্তক নভজে তাৰ জন্ম মৰণ দুৰ্ব্বাৰ কহন্ত। যি সব তিনি বেদোক্ত কৰ্ম্মপৰ হুয়া নানা দেবতাৰূপ মোক নজানি, ভেদ দৃষ্টিকৰি দেবন্তাৰক ভজে, যজ্ঞশেষ অমৃত পান কৰি নিস্পাপ হুয়া স্বৰ্গক প্ৰাৰ্থনা কৰে, তাৰাসব যজ্ঞৰ ফল প্ৰাৰ্থিত