পৃষ্ঠা:কথা-গীতা.djvu/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
নবম অধ্যায়।

উদাসীন হেন থাকোঁ, কেৱল উদাসীন হৈলে কৰ্ত্তা নঘটে। কৰ্ত্তা হৈলেও উদাসীন নহে, এতেকে উদাসীন হেন থাকোঁ, এই অৰ্থকে স্পষ্ট কৰন্ত। মঞি অধিষ্ঠাতা নিমিত্ত হৈলে প্ৰকৃতি চৰাচৰ জগতক প্ৰসৱ কৰে; এই হেতু জগত পুনু পুনু জাত হয় : সন্নিবি মাত্ৰে অধিষ্ঠান কৰো পদে কৰ্ত্তা উদাসীন দুয়ো ঘটে। যদি বোলা এমন পৰমেশ্বৰক কিয় কতোসবে আদৰ নকৰে, তাত শুনা। সৰ্ব্বভূত মহেশ্বৰৰূপ মোৰ পৰমতত্ত্ব নজানি মূঢ়সবে মোক অবজ্ঞা কৰে। যাতে শুদ্ধসত্বময় তনু হুয়ো ভক্ত ইছায়ে মনুষ্য আকাৰক আশ্ৰয় কৰিছোঁ৷ মোত অন্য দেবতান্তৰক শীঘ্ৰ ফলপ্ৰদ মানি বিফল আশা কৰি ব্যৰ্থকৰ্ম্মসব আচৰি ফলশূন্য কুতকাশ্ৰিত জ্ঞানক অভ্যাসি, বিক্ষিপ্ত চিত্ত হুয়া কামক্ৰোধাদিযুক্ত বুদ্ধিভ্ৰংশকৰ অসুৰ ৰাক্ষসৰ হেন ৰাজস তামস স্বভাৱক আশ্ৰয় কৰি মোক আদৰ নকৰে।

 যদি বোলা তেৰে তুমাক কোনে ভজে তাত শুনা। কামক্ৰোধে যাৰাৰ চিত্তক অভিভব নকৰে, সেই মহাত্মাসবে দেৱৰ হেন সাত্ত্বিক স্বভাবক আশ্ৰয় কৰি, অন্য দেৱাদিত মন নেদি, জগতৰ কাৰণ অব্যয় নিত্য মোক ভজে। তাৰাৰ ভজনৰ প্ৰকাৰ কহন্ত। কতোসবে দৃঢ় বিশ্বাসে সততে কীৰ্ত্তন কৰি মোক উপাসা কৰে; কতোসবে মোৰ গৃহ নিৰ্মাণ কৰি প্ৰতিমা থাপি দণ্ডছত্ৰসিংহাসনাদি দিয়া ধনধান্য সমৰ্পি গ্ৰাম ভূমি নিবেদি সদাই সেবা কৰে; কতোসবে মোক নানা শাস্ত্ৰে বিচাৰি হৰিসেবা সৰ্ব্বসম্মত জানি নিৰন্তৰে ভজে; কতোসবে স্বহস্তে হৰি-