পৃষ্ঠা:কথা-গীতা.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কথা-গীতা।

আছে। এমন হৈলেও ঘটত মৃত্তিকা হেন মঞি নাহি কঞো, যাতে আকাশ সম অসঙ্গ; অসঙ্গ পদে প্ৰাণীসবো মোত নাই। যদি পূৰ্ব্বোক্ত ব্যাপক, আশ্ৰয়ক বিৰুদ্ধ দেখা তেবে মোৰ অসাধাৰণ ৰূপ ঐশ্বৰ্য্য অঘটন ঘটনা চাতুৰ্য্য যোগকো দেখা। মোৰ যোগমায়া বৈভব অতৰ্ক্য পদে কিছো বিৰুদ্ধ নহে। আনো আশ্চৰ্য্য দেখা; মঞি ভূভসবকো ধৰো, পালনো কৰো, তথাপি মোৰ স্বৰূপ ভূতস্থ নহে। আৰ এমন অভিপ্ৰায়, যেমন জীবে দেহক ধৰিয়া পালিয়া অহঙ্কাৰে যুক্ত হুয়া থাকে, তেমনে মঞো নিৰহঙ্কাৰ পদে জগতক ধৰিয়ো পালিয়ো তাত নথাকোঁ। অসঙ্গৰো আধাৰ আধেয় ভাৰক দৃষ্টান্তে কহোঁ৷ যেন বায় নিতান্তে আকাশত থাকি সৰ্ব্বগত হুয়ো নিৰবয়ব পদে আকাশ সমে যোগ নাই, তেমনে সকল ভূতকো মোতে বুঝিবা। অসঙ্গ ঈশ্বৰৰো যোগমায়ায়ে স্থিতি হেত কহি আবে সৃষ্টি প্ৰলয় হেতু কহন্ত।

 হে কৌন্তেয়, প্ৰলয় কালত সকল ভূতসব মোৰ ত্ৰিগুণময়ী মায়াত লয় যাই। সৃষ্টিকালত সেই ভূতসবক বিশেযে স্ৰজো ৷ অসঙ্গ নিৰ্ব্বিকাৰ হুয়া তুমি কেমনে স্ৰজা এই অপেক্ষাত কহন্ত। আপুনাৰ অধীন প্ৰকৃতিক অধিষ্ঠান কৰি জৰায়ুজ উদ্ভিজ স্বেদজ অণ্ডজসব প্ৰকৃতিত লয় হুয়াছিল। কৰ্ম্মাধীন এই চাৰিবিধ প্ৰাণীক পূৰ্ব্বকৰ্ম্ম নিমিত্ত স্বভাৱৰ অনুসাৰে মঞি স্ৰজাঞু। যদি বোলা এমনে নানাবিধ কৰ্ম্ম কৰিতে জীৱ সম তুমি কেনে বন্ধ নহৱা, তাত শুনা। হে ধনঞ্জয়, সেই সৃষ্টি আদি কৰ্ম্মসবে মোক বন্ধ নকৰে। কৰ্ম্মত আসক্তিসে বন্ধহেতু, আপ্তকাম পদে মোৰ আসক্তি নাই,