পৃষ্ঠা:কথা-গীতা.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কথা-গীতা।

কৰ্ম্মে স্বৰ্গভোেগ অনন্তৰ আবৃত্তি, নিষিদ্ধ কৰ্ম্মে নৰক প্ৰাপ্তি, ক্ষুদ্ৰ কৰ্ম্মে ই ঠাইতে পুনু পুনু জন্ম হৱে। এই শুক্ল কৃষ্ণ দুই পন্থ অনাদি সিদ্ধ। জ্ঞানাধিকাৰী শুক্ল পন্থে মুক্তি পাৱে। কৰ্ম্মাধিকাৰী কৃষ্ণ পন্থে পুনু আবৰ্ত্তন হয়। এই দুই মাৰ্গক জানি যোগী কদাচিতো মোহ নহে, সুখ বৃদ্ধি অৰ্গাদি ফলকো কামনা নকৰে কিন্তু পৰমেশ্বৰনিষ্ঠ হয়। এতেকে তুমি সৰ্ব্বদায়ে মোত নিষ্ঠ হৱা। বেদ পঢ়ি যজ্ঞ কৰি তপ আচৰি দান দিয়া যি পুণ্যফল গায়, এই অষ্ট প্ৰশ্নৰ অৰ্থক জানি সি ফল লভে, তাতো অধিক যোগঐশ্বৰ্য্যক পাৱে৷ জ্ঞান হুয়া বিষ্ণুপদক পাৱে। অষ্টপ্ৰশ্নে বিশিষ্ট অষ্টম অধ্যায়ত, অষ্ট প্ৰকাৰে পৃষ্ট অষ্ট অৰ্থৰ নিৰ্ণয় কৰি স্পষ্ট উৎকৃষ্ট পন্থ ভক্তি সহিতে অস্ট প্ৰকাৰ সিদ্ধান্তক অক্লিষ্ট কৰি শ্ৰীকৃষ্ণে দিলা৷

ইতি শ্ৰীভগৱদ্গীতাকথায়াং অষ্টমোহধ্যায়ঃ ॥ ৮ ॥

 হে সাধুসব দেখ সপ্তম অষ্টম অধ্যাযত ভক্তি সহিতে যোগ কহিলা। সি দুষ্কৰ পদে কেবল ভক্তিযোগ কহিছা। এতেকে পৰম সুগম কেৱল ভক্তি ধৰি হৰি বোল হৰি।

যোভক্তিযুক্তমপিযোগপথং সুদুষ্‌খম্
প্ৰোবাচ লোককৃপয়া নিজভক্তিমাৰ্গম্।
যং প্ৰাপ্য ন ভবভয়ং লভতে কথঞ্চিৎ
তস্মৈ নমোহস্তু গুৰবে পুৰুষোত্তমায়॥