পৃষ্ঠা:কথা-গীতা.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সপ্তম অধ্যায়৷

এতেকে মোৰ ভক্তৰ যোগভ্ৰংশ শঙ্কা নঘটে। কৃষ্ণভক্তসবে যত্নে ব্ৰহ্মজ্ঞান লভে : বিজ্ঞানযোগ নাম সপ্তম অধ্যায়ত এই কথা প্ৰকাশ কৰিলা ৷

ইতি শ্ৰীভগৱদ্গগীতাকথায়াং সপ্তমোহধ্যায়ঃ ॥ ৭ ॥

 হে সামাজিকসব দেখ যাক মহাযত্ন কৰি কৰ্ম্মজ্ঞানযোগ পথে পাৱে, তাক ভক্তিযোগে অনায়াসে লভে। ভ্ৰংশ শঙ্কা মৰণ সময়তো ব্যাকুল নাই, হেন ভক্তিপথক আশ্ৰয় কৰি ডাঁকি হৰিবোল হৰি।

যদযত্নতঃ কৰ্ম্মবিবেকযোগৈঃ সমশ্নুতে তদ্ধৰিসেবয়ৈব ।
নভ্ৰংশশঙ্কামৰণেনচাৰ্ত্তোযেনৈবমুক্তস্তমৃতং প্ৰপদ্যে ॥