প্ৰাপ্তিৰ অৰ্থে পৰমেশ্বৰক ভজে সি কামক পায়া ভোগৰ অৱসানে বিৰক্ত হুঁয়া মুক্ত হয়। যি ৰাজস তামস কামমূঢ় হুয়া ক্ষুদ্ৰ দেৱতাক সেবা কৰে, সি সংসাৰত ফুৰে তাকে কহন্ত। পুত্ৰ কীৰ্ত্তি শত্ৰুজয়াদি কামনায়ে নষ্টজ্ঞান হুয়া ক্ষুদ্ৰ ভূতপ্ৰেতাদি দেৱতাক যি ভজে, পূৰ্ব্ব বাসনায়ে বশ্য হুয়া যি যি দেৱতাৰ যেমন ভজন প্ৰকাৰ তাক আশ্ৰয় কৰি, দেৱতা বিশেষক ভজে; তাৰ মধ্যত যি যি উপাসকে মোৰে মূৰ্ত্তি যি যি দেৱতাক শ্ৰদ্ধায়ে অৰ্চ্চিবে প্ৰবত্তে, সেই সেই জনৰ সেই সেই মূৰ্ত্তি বিষয় অৰ্চ্চন শ্ৰদ্ধাক মঞি অন্তৰ্যামী বিধান কৰোঁ। যেবে সেই উপাসকে সেই শ্ৰদ্ধায়ে সেই মূৰ্ত্তিক উপাসা কৰে, তেবে সেই বাঞ্ছিত কামক সেই দেৱতাত লভে। তাকো মঞি অন্তৰ্যামীৰূপে বিধান কৰোঁ।
সকল দেৱতায়ে মোৰ মূৰ্ত্তি, মোৰ অধীন, ই অতি প্ৰসিদ্ধ। যদ্যপি সকল দেৱতা মোৰে মূৰ্ত্তি তাৰাৰ আৰাধনো পৰমাৰ্থত মোৰে আৰাধন, তাৰ ফলৰো মঞিসে দাতা। তথাপি সাক্ষাতে মোৰ ভক্তৰ তাৰাৰ ফল বৈষম্য হয়, তাক শুনা। সেই দেৱতাসেবক পৰিছিন্নদৃষ্টিসবৰ মঞি দত্ত ফলো বিনাশী হয়, তাকে দেখাঞো। যি দেৱতাক যজে সি বিনাশী দেবলোক পাৱে। মোৰ ভক্তসব পুনু আদিঅন্তশূন্য পৰমানন্দ মোকে পাৱে। যদি বোলা সমান প্ৰয়াসত ফলত মহাবিষম হৈলে, কেনে দেৱতান্তৰক এড়ি তুমাক নভজে, তাত শুনা। নিঃপ্ৰপঞ্চ হুয়া মঞিভক্তৰ অৰ্থে লীলায়ে মনুষ্য, মৎস্য, কুৰ্ম্মাদি ৰূপক ধৰিছোঁ;