পৃষ্ঠা:কথা-গীতা.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
সপ্তম অধ্যায়।

স্বকৰ্ম্ম দ্বাৰায়ে জগতক ধৰিছে। চৰাচৰ জগতৰে এই দুই প্ৰকৃতিক কাৰণ জানিবা। তাতে জডা প্ৰকৃতি দেহৰূপে পৰিণাম হয়। চেতনা প্ৰকৃতি মোৰ অংশৰূপা, ভোক্তাৰূপে দেহত প্ৰবিষ্ট হুয়া আপুনাৰ কম্মে জগত ধৰে। যাতো সকল জগতৰ মোৰ দুই প্ৰকৃতি কাৰণ, এতেকে সমস্ত জগতৰে মোক পৰম কাৰণ জানিবা, পৰম কত্তাও মোকে বুঝিবা। মোত পৰ জগতৰ স্বতন্ত্ৰ কাৰণ কাকো নজানি। যেন সূত্ৰত মণিসব থাকে, তেমন সকল জগত মোকে আশ্ৰয় কৰি আছে।

 স্থিতিৰ হেতুক প্ৰপঞ্চি কহো৷ জলত ৰসৰূপে মঞি আছোঁ; চন্দ্ৰসূৰ্য্যত প্ৰভা, বেদত প্ৰণব, আকাশত শব্দ, পুৰুষত উদ্যম, পৃথিবীত পুনু গন্ধ, অগ্নিত দাপ্তি, সকল প্ৰাণীত আয়ু, তপস্বীত তপ, চৰাচৰ ভূতৰ অবিনাশী বীজ, বুদ্ধিমন্তৰ বুদ্ধি, তেজস্বীৰ তেজ, বলৱন্তৰ স্বধম্মানুষ্ঠান বল, আপুনাৰ ভাৰ্য্যাত পুত্ৰ হেতু কোন; আনো যে সাত্ত্বিক ভাব শমদমাদি ৰাজস ভাব হৰ্ষাদি, তামস ভাব শোকমোহাদি, ইসবে মোৰ প্ৰকৃতি গুণৰ কাব্য পদে, মোত হন্তে জাত হুয়াছে জানিবা। মঞি পুনু জাৰ হেন তাৰ অধীন হুয়া নৰহো৷ তাৰা পুনু মোৰ অধীন হুয়া মোত প্ৰবৰ্ত্তে। যদি বোলা এমন পৰমেশ্বৰ তুমাক কিয় লোকে নজানে, তাত শুনা। এই তিনি গুণৰ ভাব কামলোভাদিয়ে সকল জগত মোহিত হুয়া তিনি গুণত পৰ নিৰ্ব্বিকাৰ মোক নজানে। তেবে কোন জনে জানে যদি বোলা, তাক সাবধানে শুনা। মঞি পৰমে- শ্বৰৰ মায়া আলোকিকী গুণময়ী অতি দুস্তৰা। তথাপি যি মোক