পৃষ্ঠা:কথা-গীতা.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
সপ্তম অধ্যায়।

 এমনে ছয় অধ্যায়ে বিজ্ঞেয় আত্মতত্ত্বক যোগ সমে কহিলা। ইদানীক ভজনীয় ঈশ্বৰৰ স্বৰূপ কহন্ত। পূৰ্ব্ব অধ্যায়ৰ অন্তত ভক্তিনিষ্ঠৰ শ্ৰেষ্ঠ কহিলা। তাতে কেমন তুমি যাৰ ভক্তি কৰিব, এই অপেক্ষাত ভগৱন্তে কহন্ত, মঞি পৰমেশ্বৰক আশ্ৰয় কৰি মোত আসক্ত মন হুয়া যোগক অভ্যাস কৰি সমগ্ৰ বল বিভূতি ঐশ্বৰ্য্যাদি সহিতে মোক যেমনে জানিবা তাক শুনা। অনুভব সহিত মোৰ জ্ঞানক নিশেষে কহোঁঁ, যাক জানি পুৰুষৰ আন জানিবে নথাকে। মোক জানিল মাত্ৰে কৃতাৰ্থ হয়। সিয়ো জ্ঞান মোৰ ভক্তি বিনে দুৰ্লভ জানিবা।

 অসংখ্যাত জীবৰ মধ্যত মনুষ্য ব্যতিৰেকে শ্ৰেয়সত প্ৰবৃত্তি নঘটে। মনুষ্য সহস্ৰৰ মধ্যতো কোনো জনেসে পুণ্যবশে জ্ঞানক লাগি যত্ন কৰে। যত্নকৰন্তা সহস্ৰৰ মধ্যত কোনো জনেসে তত্ত্বজ্ঞান জানে। তত্ত্বজ্ঞানী সহস্ৰৰো মধ্যত কোনো জনেসে মোৰ প্ৰসাদে মোক জানে। এমনে দুৰ্লভ জ্ঞানো তুমাত কৃপায়ে কহোঁ, সাবধানে শুনা। প্ৰকৃতি দ্বাৰায়ে সৃষ্ট্যাদি কত্তা ঈশ্বৰক কহিবাক লাগি পৰাপৰ ভেদে দুই প্ৰকৃতি কহন্ত। গন্ধ, ৰস, ৰূপ, স্পৰ্শ, শব্দ, অহঙ্কাৰ, মহত্তত্ত্ব, অবিদ্যা, এই অষ্টপ্ৰকাৰে ভিন্ন অপৰা নিকৃষ্টা প্ৰকৃতি জানিবা। আত অন্যা পৰা শ্ৰেষ্ঠা জীবৰূপকে বুঝিবা, যি চেতনৰূপায়ে