পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮০

 গৈ আছে, গৈ আছে, গৈ আছে, এনেতে খোৰা ঘপকৰে বিচনী ৰজাৰ মুলুকত ওলালগৈ। বিচনী ৰজাইও এনে সুলক্ষণীয়া দৰা দেখি লোভ সামৰিব নোৱাৰি নিজৰ জীয়েকক তালৈ বিয়া দি দুখন বিচনী লগত যৌতুক দিলে।

 এইদৰে পোৱা পাঁচজনী কন্যা লগত লৈ খোৰাই গৈ থাকোঁতে দিনচেৰেকৰ মূৰত শগুণী-ৰজাৰ দেশ পালেগৈ। শগুণী ৰজাইও যম, কপৌ, নাগ, সৰ্প আৰু বিচনী-ৰজাৰ আৰ্হি লৈ বৰ ৰংমনেৰে ধুমধাম কৰি নিজৰ জীয়েকক খোৰালৈ বিয়া দিলে আৰু জীয়েকৰ লগত সাগৰৰ সিপাৰৰ মাণিকৰ গছ এজোপা আনি যৌতুক দি জীয়েক-জোঁৱায়েকক পঠাই দিলে। লগত মানুহ সৰহ হোৱা দেখি খোৰাই বামেদি তাৰ ঘোঁৰাটো আৰু মানুহবোৰ পঠিয়াই দি ঘৈণীয়েকহঁতৰ লগত লৈ নাৱেৰে সাগৰেদি উলটি আহিবলৈ ধৰিলে।

 ইফালে খোৰাৰ ককায়েক ছটাই মাণিকৰ গছ বিচাৰি নাপাই, উভতি আহি থাকোঁতে দূৰৰ পৰা খোৰাৰ নাও দেখা পালে। সিহঁতে দেখিলে খোৰাই ছজনী কন্যাৰ সৈতে মহা পয়োভৰেৰে আনন্দ কৰি তোলপাৰ লগাই সাগৰত আহিব লাগিছে। সিহঁতে দেখিয়েই বুজিলে যে খোৰাই ক'ৰবাত মাণিকৰ গছ পাই আনিছে। তাকে ভাবি সিহঁতে কোঁৱা-মেলা কৰিলে যে, “আমি ছটা গজ-হস্তী যেন মতা মানুহক চেৰ পেলাই এতিয়া খোৰা হে মন্ত্ৰী হ'বলগা হ'ল। সি মন্ত্ৰী হ'ব, আৰু আমি তাৰ খাটনি ধৰি ভাত মোকোলাই খাম। ই কথা হ'বই নোৱাৰে; খোৰাক সাং কৰি থৈ তাৰ হাতৰপৰা মাণিকৰ গছ আৰু কন্যাবোৰ কাঢ়ি লৈ ভাগবাটি লওঁহঁক আৰু মাণিকৰ গছ ৰজাক দি আমাৰ এটা মন্ত্ৰী হওঁহঁক।” সিহঁতে ইয়াকে আলচ কৰি সিহঁতৰ নাও খোৰাৰ নাৱৰ ফালে খেৱা দি লৈ আহি ওচৰ পাই মিঠাকৈ মাত লগালে, “সেইটো আমাৰ খোৰা ভাইটি নে? তই ইমানবোৰ কন্যা ক'ৰপৰা পালি? মাণিকৰ গছ আনিছে নেকি?” খোৰাই উত্তৰ দিলে “এৰা ককাইটিহঁত ময়েই। মাণিকৰ গছও আনিছোঁ।” তাৰ পিচত সি কেনেকৈ আহিল, কেনেকৈ কন্যাবিলাক পালে, আৰু মাণিকৰগছ কেনেকৈ পালে এটাইবোৰ কথা