পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰি দিব নোৱাৰোহঁক; কাইলৈ ৰজাই সুধি-পুছি যি কৰে কৰিব।” সেইদিনা তাঁতীকেইটাই বন্দীশালতে থাকিল। ৰাতি হ’লত ৰখীয়াই নি সিহঁতক ৰজাক গতাই দিলে; ৰজাই সিহঁতক প্ৰাণদণ্ড দিবলৈ হুকুম দিলে। সিহঁতে সাৰিবলৈ এটা উপায় চিন্তি দুখ মনেৰে ৰজাৰ আগত এইদৰে ক’লে, “মহাৰাজ, আমাৰ গাত এটি বিদ্যাহে গ'ল, কোনেও শিকিবলৈ নাপালে।” ৰজাই সুধিলে, “কি বিদ্যা কহঁকচোন বাৰু?” সিহঁতে ক’লে, “মহাৰাজ, আমি দেৱাঙ্গভূষণ বস্ত্ৰ বব জানো।” ৰজাই সুধিলে, “দেৱাঙ্গ ভূষণ অৰ্থাৎ দেৱতাৰ গাৰ কাপোৰ।” ৰজাই ভাবিলে, বাৰু ইহঁতৰ প্ৰাণ ৰক্ষা কৰি সেই বস্ত্ৰ এজোৰকে বোৱাই লওঁচোন! ইয়াকে ভাবি ৰজাই ক’লৈ, “তহঁতে যদি মোক এজোৰ দেৱাঙ্গভূষণ বস্ত্ৰ বৈ দিব পাৰ তেন্তে তহঁতৰ প্ৰাণ ৰক্ষা কৰিম।” সিহঁতেও পাৰিমহঁক বুলি ক'লে। সিহঁতে কাপোৰ ববলৈ বুলি ৰজাৰপৰা দহ সেৰ সোণ নিলে আৰু মিছামিছিকৈ এখন তাঁত শাল পাতি সূতা নাইকিয়া শাল খপৰ-খপৰকৈ ববলৈ ধৰিলে। ভাটীফালৰ কেইজনমান তাঁতীয়ে ৰজালৈ এজোৰ দেৱাঙ্গভূষণ বস্ত্ৰ বৈছে, এই খবৰ নগৰৰ সকলো মানুহৰ মাজত জনাজাত হ’ল। দেৱতাঙ্গভূষণ বস্ত্ৰনো কেনেকুৱা বুলি অনেক মানুহ তাঁত চাবলৈ যায়, কিন্তু তাঁতীহঁতে কয় যে যি মানুহ জহৰা সি এই দিব্য বস্ত্ৰ নেদেখে, যি প্ৰকৃততে বাপেকৰ সিহে দেখে। সেই কাৰণে, তাঁত চাবলৈ যোৱা মানুহে “আমি দেখিছোঁ” বুলি আন মানুহৰ আগত কয়হি; কাৰণ যেয়ে নাই দেখা বুলিব সেয়ে জহৰা হ'ব। সাত দিনমানৰ মূৰত তাঁতীহঁতে দহ সেৰ সোণৰ সূতাই নাটিলে বুলি আৰু দহ সেৰ সোণ ৰাজ- ভঁৰালৰপৰা লৈ গ'লহি আৰু মিছামিছিকৈ এটা যঁতৰ লৈ শূন্যতে হাত চলাই সূতা কটা হ’ল বুলি মানুহক দেখুৱাই খপং খপং কৰি তাঁত ববলৈ ধৰিলে। কাপোৰ কিমান বোৱা হৈছে এই কথা জানিবৰ নিমিত্তে ৰজাই এদিন তেওঁৰ তামুলী আৰু বৰকটকীক তাঁতশাললৈ পঠালে। তাঁতীহঁতে সেইদিনা তেওঁলোকক দেখুৱাই ধুমাধুমিকৈ তাঁত ববলৈ ধৰিলে; কিন্তু এজনেও কাপোৰ দেখা নাপালে। তামুলীয়ে ভাবিলে “মই তেন্তে জহৰা হ’বলা, নহ'লে কিয় কাপোৰ নেদেখিম?” কটকীয়ে মনে মনে ভাবিলে, “হায়! মইও জহৰাহে, নহ'লে কাপোৰ দেখিলোহেঁতেন!” এইদৰে দুয়ো