এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
মনে মনে ক’লে, “মই নক’লে তুমি ভাতৰ গৰাহ মুখত নুতুলিবা।” ভাতৰ পাতত দুই ভায়েকে হাত দি বহি থকা দেখি বাপেকে তেওঁলোকক সুধিলে, “কি হ'ল? ভাত নাখাৱহঁক কিয়।” বৰ কোঁৱৰে ক'লে, দেউতা আমি ভাত খাব নোৱাৰো, ভাতত বিহ দিয়া আছে।” ৰজাই সেইটো ভয় মিছা বুলি উৰাই দিলত, ককায়েকে তাৰে এগৰাহ ভাত ওচৰতে থকা মেকুৰীজনীক খাবলৈ দিলত, মেকুৰীজনীয়ে ভাত গৰাহ খাই থিতাতে মৰি থাকিল। বাপেকে তেতিয়া কুঁৱৰীক কাটিবলৈ হুকুম দিলে।
ইয়াৰ পিছত কিছুমান দিন বাপেকৰ ৰাজ্যতে দুই কোঁৱৰে মহাসুখে খাই-বৈ থাকি নিজৰ ৰাজ্যলৈ উভতি আহি ৰাজ্য পালন কৰিবলৈ ধৰিলে।