১৫৪
টেমাটোৰ ভিতৰত এটা গোলাপ জামু থাকিব। সেই জামুটো আনি তুমি
তোমাৰ সাতোজনী তিৰোতাক খাবলৈ দিবাঁ; তেওঁলোকে খালেই
তেওঁলোকৰ ল'ৰা হব।” ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই
সেইদৰে নৈত গা ধুই সাতবাৰ তমঃ তমঃ কৰিলত ৰঙা টেমা এটা তেওঁৰ
হাতত পৰিলহি আৰু সেই টেমাটো মেলি তাত জামু এটা পাই আনি
সাতোজনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে। কুঁৱৰীহঁতে জামুটো খাবলৈ
গা ধুবলৈ গ'ল আৰু গা ধুই আহি ভগাই খালেহি; কিন্তু সৰুজনী অহাত
পলম হোৱা বাবে তাইলৈ নথ'লে। সৰু কুঁৱৰীজনীক আন কেইজনী
কুঁৱৰীয়ে আগৰেপৰা দেখিব নোৱাৰিছিল আৰু ৰজাৰো তাই এলাগী
আছিল; সেইদেখি আন কেইজনীয়ে তাই অহাত অলপ পলম হ'লতে
তাৰে চেলু লৈ তাইলৈ জামুৰ ভাগ নথ’লে। সৰুজনীয়ে গা ধুই আহি
আনকেইজনীক জামুৰ ভাগ খুজিলত, সিহঁতে তাইক জোকোৰা মাৰি
ক’লে, তোলৈ আমি জামু লৈ বহি থাকিম নেকি? আগেয়ে নাহিলি
কেলৈ? এই কথা শুনি সৰুজনীয়ে চকুৰ পানী উলিয়াই, ওচৰতে পৰি
থকা জামুৰ বেটুটোকে খালে।
সময়ত এটাইকেউজনী কুঁৱৰীৰ একোটাকৈ ল'ৰা হ'ল।
ল'ৰাকেইটা লাহে লাহে ডাঙৰ হৈ আহিল। এদিন এটা ফকিৰ ক'ৰবাৰ
পৰা আহি ৰজাক ক'লে, “সৰ্গদেউ, আপোনাৰ ঘৰ দেখি বৰ সন্তোষ
পালোঁ, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই দেখি দুখ পালোঁ।
আপোনাৰ ঘৰত-
সোণ গছ, ৰূপৰ পাত॥
সাত টিলিকিত ম'ৰাৰ নাচ॥
নাই। এনেকুৱা গছ এজুপি নথকাৰ বাবে আপোনাৰ ঘৰ সম্পুৰ্ণ
হোৱা নাই।” এই কথা শুনি ৰজাই তেতিয়াই কোঁৱৰহঁতক মাতি আনি
তেনেকুৱা গছ এজোপা বিচাৰি আনিবলৈ পঠিয়াই দিলে। ৰজাৰ
ল'ৰাহঁতে নাওদুনি লৈ খোৱা-লোৱাৰ সঁজুলি ভৰাই দি যাবলৈ ওলাইছে,