পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠবিংশ সাধু

সোন-বৰিষ ৰজা

 এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল। ক্ৰমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে, মাথোন বাকী ৰ'ল নুমলীয়াটো। অনেক চাই চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ তাইক বিয়া কৰাই আনিলে।

 ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল। তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল, আৰু ঘৰত অপায় -অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ'ল। কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ। পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা, নৰীয়া- পৰীয়া, অপায়-অমঙ্গল, তেহে তেওঁ শান্তি কৰম, তুলসী দিয়া আদি কাজ-কাম পাতি বুঢ়াৰ পৰা উলিয়াব পাৰে। তাৰে মূৰ মৰিল দেখি পুৰোহিত চিন্তাত পৰিল, তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হ'ল। তেওঁৰ ঘৰখনত ল'ৰা-ছোৱালী পো-পোৱালী এবোজা, বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তি আছিল, এতিয়া তাৰে ভিকাচন ভাগিবৰ আগন্তুক হৈছে দেখি বামুণৰ মনত মহা আতঙ্ক সোমাল। সেইদেখি পুৰোহিতে একোকে উপায় নাপাই এজন গণকৰ ঘৰলৈ গৈ নিজৰ দুখৰ কথা গণকক কৈ ৰূপ এটকা আৰু ভোজনী এটা দি, বুঢ়াৰ ঘৰত এনে হোৱাৰ কাৰণ কি গণি-পঢ়ি চাই উলিয়াবলৈ ক'লে। গণকে তেওঁৰ পুথি-পাঁজী মেলি ভালেখিনি গণি-পঢ়ি চাই পালে যে বুঢ়াৰ ঘৰত লক্ষ্মী সোমাইছে, সেইদেখিহে এনেকুৱা হৈছে আৰু সেই লক্ষ্মীজনী হৈছে বুঢ়াৰ নুমলীয়া বোৱাৰীয়েক। গণকৰ কথা শুনি পুৰোহিত বাপুৱে সুধিলে— “পিছে ইয়াৰ নো কি ব্যৱস্থা হ'ব এতিয়া? মই দেখোন বিপাঙে মৰিলোঁ। খাবলৈ নাপায়েই মই মৰিম দেখিছোঁ। ইয়াৰ এটা