পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১২৮

তাৰ পিছত সি সাউদনীক মঙহ ভাজিবলৈ চৰুত তেল বহাবলৈ দিলে আৰু চৰুত তেল বহোৱাৰ পিছত, সোনকালে তেল পকি উঠিবলৈ চৰুত তলত ডাঙৰকৈ জুই দিবলৈ ক’লৈ। সাউদনীয়ে পেট-ভাতুৰ কথামতে কাম কৰিলে। যেতিয়া তেল পকি জুই উঠিব লগীয়া হ'ল, সাউদনীয়ে সুধিলে, “পেট-ভাতু, এতিয়া মঙহ বনাই দিওঁ?” পেট-ভাতুৱে ক'লে, “ৰ’বা আই ৰ’বা, তেল ভালকৈ পকা নাই।” এইদৰে দুয়ো চাই আছে। পেট-ভাতুৱে যেতিয়া দেখিলে জুই নুঠিবৰ আৰু কোনো কাৰণ নাই, তেতিয়া সাউদনীক ক’লৈ, “আই এতিয়া মঙহ বহাই দিয়া।” তাৰ কথামতে সাউদনীয়ে মঙহ বহাই দিয়াত ভমক্ কৰি জুই উঠি ৰান্ধনি ঘৰৰ চালত লাগিলগৈ। ৰান্ধনী ওলাই লৰ মাৰিলে। এক মুহূৰ্তৰ ভিতৰতে জুইয়ে এটাইবোৰ ঘৰ আগুৰি পেলালে। সাউদৰ আৰু তেওঁৰ ঘৰৰ মানুহবিলাকৰ চিঞৰ-বাখৰ লাগি পৰিল। মানুহবিলাকৰ কোনোৱে জুই নুমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে, কোনোৱে বা বস্তুবেহানি উলিওৱাত লাগিল। সাউদ বেবুৱা লাগি ইফালে সিফালে লৰি ফুৰিবলৈ ধৰিলে। সাউদৰ এটা পাঁচ বছৰীয়া ল'ৰা আছিল। ল'ৰাটিয়ে এই কাণ্ড দেখি ভয়তে কান্দি কান্দি বাপেকৰ পাছে পাছে ল’ৰি ফুৰিবলৈ ধৰিলে৷ সাউদে মনৰ বেজাৰত ক'লে, “এই নষ্ট যোৱাৰনো আজি কি হ'ল? ই কিয় এনেকৈ মোৰ পাছে পাছে লৰি ফুৰিছে? ইয়াক নো কোনেও কোবাই মাৰিব নোৱাৰে নে?” সাউদৰ কথা শুনি পেট-ভাতুৱে টপৰ্ ক’ৰে মাত লগালে, “মই হেন বন্দী থাকোতে দেউতাৰ এনে দুখ হ'ব লাগিলনে! মই তেনেহ'লে কে'লেই বা দেউতাৰ ঘৰত আছোঁ।” এইবুলিয়েই সি টাঙোন এডাল আনি ল'ৰাটো কোবাই মাৰিলে। পেট-ভাতুৱে এইদৰে সাউদৰ কৰিবলগীয়া সকলোখিনি কৰিলে। পেট-ভাতুক আৰু ৰখা হ'লে আগলৈকো সি এনেকুৱা অনিষ্টহে কৰি থাকিব, এইবুলি ভাবি সাউদে পেট-ভাতুক বিদায় দিলে।

 পেট-ভাতুৱে তেওঁলোকৰ বন্দৱস্তমতে ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই সাউদক ধৰাই নি সোধাত সাউদে পেট-ভাতুৰ অত্যাচাৰৰ কথাবিলাক বৰ্ণাই ৰজাৰ আগত ক’লে। পেট-ভাতুৱে ক'লে,