কিহক বোলে এই কথা আগেয়ে মই জনা নাছিলোঁ। যেতিয়া
যোৰহাটৰ মালৌ পথাৰখনিত মাঘৰ বিহুৰ পোন্ধৰ দিনৰ পিছত
নানা ঠাইত অসংখ্য ৰভাবিলাক, মৌজাৰ খেলে খেলে আৰু কুলে
কুলে ৰাইজে সাজি একেলালিকৈ এমাহৰ কাৰণে ভাওনা আৰু তাৰ
লগত প্ৰদৰ্শনী দেখুৱাৰ অৰ্থে আয়োজন কৰা দেখিলোঁ, তেতিয়াহে
বুজি পালোঁ যে বাৰ চহৰৰ ভাওনা ইয়াকেহে বোলে। এই বাৰ
চহৰৰ ভাওনা চাবলৈ কত ঠাইৰ যে কিমান মানুহ আহিছে তাক
কোনে লেখি মুঠ বুজাব পাৰে? অহা আহিছে, যোৱা গৈছে, মানু-
হৰ পৰা বিদি-সন্দি একোকে পাব নোৱাৰি।
ৰভাবিলাক ঘূৰিপকি চাৰিওপিনে চালো, ঠায়ে ঠায়ে নানা খেলৰ নানাকুলীয়া মানুহৰ ৰভা বেলেগ বেলেগ কৈ সাজিছে আৰু তি বৰ সবাহ, ৰাতিলৈ “কুমৰ হৰণ” “ৰুক্মিণী হৰণ” “বলি ছলন” “ৰাস যাত্ৰা” “বঘাসুৰ বধ” “সিন্ধুৰা পৰ্ব্ব” আৰু “কূলাচল বধ” ইত্যাদি ভাওনা পাতিছে। কোনো কোনো দিনা দিনৰ বেলা সকলো ৰাইজে নিজ নিজ খেল আৰু কুলৰ ভিতৰত ভোজ ৰান্ধি খাইছে। কোনো ঠাইত অসংখ্য চৰ-খুতি মাৰি গায়ে গায়ে ৰান্ধি খাইছে। ৰভা-ঘৰ বিলাকৰ ভিতৰত দেখিলোঁ কোনোটিত বামুণ, কাইথ, কলিতাই মিলি একে ঠাইতে ভাওনা পাতিছে, তাত গোসাঁই আৰু ঋষি মুনিৰ ভাৱৰীয়া বামুণ মাত্ৰ হব পাৰে, আন হব নোৱাৰে। কোনোটিত নদীয়ালৰ (কৈবৰ্ত্ত ) খেল; মানুহে তাতো একে গোঁসাইৰ শৰণীয়া যিসকল সেইসকলহে একে ঠাইতে মিলি ভাওনা পাতিব পাৰে, আনে নোৱাৰে, এই কাৰণে আন গোসাঁইৰ শৰণীয়া নদীয়ালৰ (কৈবৰ্ত্ত) ভিতৰতও নানা খেলৰ নানাখন ৰভা। কোনো ঠাইত বৃত্তিয়াল (বণিয়া) সকলে সেইদৰে নিজ নিজ খেল মতে পৃথকে পৃথকে