পৃষ্ঠা:কঃ পন্থাঃ.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
কঃ পন্থাঃ

আমি এতিয়া আমাৰ সত্যযুগৰ হিন্দুধৰ্ম্ম প্ৰচাৰ কৰি আমাৰ সুজলা সুফলা পৱিত্ৰা ভাৰত-জননীৰ সন্তানবিলাকেৰে সৈতে বৰ্ত্তমান যুগ-ধৰ্ম্ম অনুসৰি জাতি গঠন কৰোঁ। আৰু বৰ্ত্তমান যুগত যিস্থলত জ্ঞান আৰু শৰীৰৰ বল বঢ়াই আমি কেনেকৈ এটি মহাজাতিত পৰিণত হবগৈ পাৰোঁ, ঠিক তেনে ভাবে অতীজৰ আৰ্য্যনিয়ম আৰু বৰ্ত্তমান আন আন সভ্যজাতিৰ গুণৰ অনুকৰণ কৰি জীৱন-পথত আগবাঢ়িবলৈ চেষ্টা কৰোঁ আৰু এনে আগবঢ়াটোৱেই হৈছে আমাৰ আচল পথ।

 এই নৈষ্ঠিকানন্দ স্বামীয়ে পৰকালৰ বাবে চিন্তা কৰে, ইহকালৰ নকৰে। সংসাৰ অসাৰ দেখুৱাই অজ্ঞান জনপদৰ পৰা ধন তোলে। সকলোকে যোগ অভ্যাস কৰি যোগী হবলৈ কয়, তাৰ মানে লেংঢ মৰা সন্নাসী হ’ব লাগে। চাফ-চিকোণ কাপোৰ আৰু ভাল কাপোৰ পিন্ধাক বিলাসিতা পাতে। দেশে দেশে অসাৰ কথাৰ দ্বাৰাহে ধৰ্ম্ম বক্তৃতা দি অজ্ঞান জনপদৰ অন্তৰৰ পৰা, দেশভাব দেশপ্ৰেম আৰু একতা নষ্ট কৰাৰ মূল নৈষ্ঠিকানন্দ স্বামীসকলেই, অথচ চণ্ডাল নামৰ লোকেও যদি সৰহকৈ ধন দিয়ে তাৰ হাতেও মনে মনে খাবলৈ কুণ্ঠিত নহয়। হিন্দুধৰ্ম্মৰ নামে দোহাই দিয়া এনে স্বাৰ্থপৰ ভণ্ডসকলেই দেশক এক হবলৈ নিদি সৰ্ব্বনাশ কৰে।” এই কথা কৈ বিবেকেশ্বৰ বৈৰাগীয়ে যেতিয়া সামৰণি মাৰিলে তেতিয়া ছাত্ৰসকলে জয়ধ্বনি কৰি নৈষ্ঠিকানন্দ স্বামীক তিত্‌কাৰী দি, বিবেকেশ্বৰৰ শলাগ লৈ সভা ভঙ্গ হৈ গ’লত ঠায়ে ঠায়ে গুচি গ'ল।

⸻অন্ত⸺