যি মানুহ বা জাতিৰ বৰ পোহকৈ জ্বলে, সেই জাতিয়েই মানুহ, সেই জাতিয়েই দেৱতা। এনে দেৱভাব যেতিয়া কোনো এটা জাতিৰ হয়, তেতিয়া সেই জাতিৰ অন্তৰত প্ৰেমে বৰকৈ ক্ৰিয়া কৰে। যিজাতিৰ অন্তৰত প্ৰেমে ক্ৰিয়া পৰে সেই জাতিৰ ভিতৰত জাতিভেদ থাকিব নোৱাৰে। কিয়নো সাম্য, মৈত্ৰী আৰু স্বাধীনতাই সেই জাতিটিৰ অন্তৰত থানিকা পাতে। আমাৰ কেইজনমান নৈষ্ঠিকানন্দ স্বামীয়ে “ফাদাৰ ডেমিয়েন”ৰ দৰে কুষ্ঠৰৰাগীৰ দুখ দেখিব নোৱাৰি সিহঁতৰ উপকাৰ অৰ্থে নিজৰ জীৱন বলিদান দিছে? আমাৰ কেইজন বামুণে “লিভিং- ষ্টোন”ৰ দৰে অসভ্য নিগ্ৰোৰ ভিতৰত সোমাই সিহঁতক শিক্ষা দি জ্ঞানী কৰাৰ অৰ্থে আমাৰ অসভ্য নগা ডফলাবিলাকক সুশিক্ষা দিছে? জাতযোৱা ভয়তে হওক বা নানা প্ৰকাৰ পুৰুষ পুৰুষানুক্ৰমে কৰপেট বান্ধ যোৱা কু-সংস্কাৰৰভয়তে হওক আমাৰ গোসাঁই-বামুণে যিস্থলত তেনে মনুষ্যত্বৰ কাম কৰিবলৈ সাহ কৰিব নোৱাৰে তেনে স্থলত এনে ভীৰু-কাপুৰুষৰ ভিতৰতহে নৈষ্ঠিকানন্দ স্বামী জন্ম হয়। এনে স্বামীৰ কি ধৰ্ম্ম আছে কোৱাচোন। দেশত প্ৰকৃত বামুণ থকাহেঁতেন এই দেশৰ এনে অধঃপতিত অৱস্থা কেতিয়াও নহ’ল হেঁতেন। নৈষ্ঠিকতা বোলে কিহক? পৰিস্কাৰ স্বাস্থ্য আৰু বলবৃদ্ধিকাৰক খাদ্য আহাৰ কৰা, পৰিষ্কাৰ ঘৰত থকা ইত্যাদি ৰীতিনীতিবিলাক অনুযায়ী জীৱন-পথত চলাই আচল নৈষ্ঠিকতা। আগৰ ঋষি-মুনি সকলে এনে নৈষ্ঠিক আছিল যে নিজে ভাত ৰান্ধি নেখাইছিল। অপাস্তম্ভ সূত্ৰত দেখা যায় যে শূদ্ৰে বামুণক অন্ন পাক কৰি খুৱাইছিল। শূদ্ৰে বামুণৰ ৰান্ধনি হোৱাৰ নিয়ম এই আছিল যে, শূদ্ৰে দাড়ি গোফ খুৰাই মুখত কাপোৰ বান্ধি বামুণক ভাত ৰান্ধি খুৱাব পায়। বামুণ ভাত ৰান্ধনি হ’লে জাত গৈছিল,
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
কঃ পন্থাঃ