পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

জাতিক আজিকালি অনেক নব্য শিক্ষিতে বাহিৰ উলিয়াই হিন্দু মহিলা Lলক পাশ্চত্য দেশৰ ধৰণেৰে পাশ্চাত্য মহিলাৰ নিচিনাকৈ তুলিছে আৰু লগে লগে হিন্দুজাতিক ক্ৰমে অধঃপতনলৈ নিছে। হিন্দু স্ত্ৰী- সকলে হিন্দুৰ নৈষ্ঠিক আচাৰ-ব্যৱহাৰ ক্ৰমে পৰিত্যাগ কৰাৰ কাৰণেই হিন্দুৰ আজি এনে অৱনতি, এনে দুৰ্দশা! ব্ৰাহ্মণসকলে নিজ কুলধৰ্ম বৰ্জন কৰাৰ কাৰণেই আজি স্বাধীন ভাৰত ভাৰত ক্ৰমে সাধু আৰু ভক্তহীন হৈ আহিব ধৰিছে–ই মেছ-শিক্ষা দোষ। গীতত ভগৱান শ্ৰীকৃষ্ণই কৈছে— “স্বধৰ্মে নিধন শ্ৰেয় পৰু ধৰ্ম্মোভয়াবহঃ”। বাস্তৱিকে নিজ ধৰ্মৰ প্ৰতি ঘৃণা আৰু পৰধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধায়েই আজি হিন্দুক ক্ষীণকায় আৰু কাপুৰুষ কৰিছে। জাতিভেদৰ নিয়ম শিথিল হোৱাৰ কাৰণেই নানা জাতিৰ সংমিশ্ৰণত হিন্দুযুৱকসকল দিনে দিনে অল্পায়ু হৈ অকালতে মৃত্যুৰ মুখত পতিত হৈছে। লগে লগে খাদ্যাখাদ্যৰ অবিচাৰ আৰু এইবাবেই মৃত্যুৰ হেতু নানা ৰোগৰ উৎপত্তি। হিন্দুৰ মত পাৰ্থিৱৰ পিনে নহয়; সংসাৰ মায়াময়, অসত্য, এনে অসত্যক সত্য প হিন্দুৰ বাহিৰে আন স্নেহ জাতিৰ মাত্ৰ। হিন্দুৰ দৃষ্টি বিশেষকৈ পৰকালৰ পিনে, ইহ সংসাৰৰ অনিত্য ভোগ-বিলাসিতাই প্ৰকৃত হিন্দুক সুখী কৰিব নোৱাৰে, কিয়নো হিন্দুবিলাকে কৰ্মফল আৰু পুনৰ জন্মত বিশ্বাস কৰে। যোগ তপস্যা দ্বাৰা কৰ্ম্মফল খণ্ডন নকৰিলে বাৰম্বাৰ জন্ম মৃত্যুৰ অধীন হ'ব লাগে। এইহেতুকে হে ভাতৃসকল! মিছা সংসাৰ লৈ কিটো কৰিব। কেনেকৈ আমাৰ পৰকালৰ ৰাট সুগম হয় তদৰ্থে নিজ হিন্দুধৰ্ম্মত দৃঢ় বিশ্বাস কৰি তাৰ উন্নতি অৰ্থে যথাসাধ্য চেষ্টা কৰা এইটি কথা ভাৰতবাসীৰ হিৰ জীৱনৰ খাই ৰত।” সচ্চিদন স্বামীয়ে এইখিনি কথা কৈ শেষ কৰিলত কলেজ আৰু