পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কঃ পন্থাঃ

বামুণ ক্ষত্ৰিয় বৈশ্য দেৱতাৰ সন্তান! হিন্দু ধৰ্ম্ম পৱিত্ৰ; যাৰ বেদ উপনিষদ আৰু বেদান্ত আদি দৰ্শন শাস্ত্ৰতকৈ পৃথিবীৰ কোনো জাতিৰে বিশুদ্ধ শাস্ত্ৰ নাই। এনে শাস্ত্ৰক অৱহেলা কৰি বৰ্ত্তমান হিন্দু যুৱকসকলে ম্লেছ-শাস্ত্ৰ পঢ়ি কেৱল বিধৰ্ম্মীহে হৈছে। যিদেশৰ মানুহে সংসাৰক মায়া ভাবি, মিছা পাতি আৰু অসাৰ মনত কৰি কেৱল আধ্যাত্মিক হিচাপত দিন কটাইছিল, যিদেশৰ মানুহে বিলা সিতা কিহক বলে বুজ নেপাইছিল আজি সেই দেশৰ মানুহেই বিলা- সিতাৰ যেন ক্ৰীতদাস হৈ পৰিল। যিদেশত তপস্বী-সাধুসকলে নিজ নিজ অলৌকিক কাৰ্য্যপ্ৰভাৱেৰে সমাজপূজ্য আছিল, তেনে সাধু আজি এটিও নাই, যেহেতুকে আজিৰ মানুহে যোগ-বিদ্যা যে কিহক বোলে তাৰ তত্বকে নেপায়। যোগবল দ্বাৰা পূৰ্ব্বে অসাধ্য কাৰ্য্য সাধিত হৈছিল আৰু এতিয়াও হ’ব লাগিছে। হিন্দুযুৱকসকলে বৰ্ত্তমান সংসাৰধৰ্ম্ম পৰিত্যাগ কৰি যদি যোগ অভ্যাস কৰে, তেনে- হলে এই ভাৰত আকৌ সোণৰ ভাৰত হৈ পৰিব। হিন্দুৰ নৈষ্ঠিক আচাৰ-ব্যৱহাৰ পৰিবৰ্ত্তনেই ভাৰতৰ আৰ্য্যজাতিৰ পতনৰ মূল কাৰণ। হিন্দুআচাৰ ভ্ৰষ্ট হোৱাৰ কাৰণেই হিন্দুৰ পতন হ’ল। শাস্ত্ৰত বিধবা বিবাহ একেবাৰে নিষেধ কিন্তু বৰ্ত্তমানত তাক চলাব খোজে আৰু কোনো কোনো ঠাইত চলাইছেও। পূৰ্ব্বে স্বামীৰ সহগামিনী হৈ তিৰুতা সতী যোৱাৰ প্ৰথা আছিল, এতিয়া সেই প্ৰথা উঠি যোৱাৰ কাৰণে প্ৰায় অনেক স্ত্ৰীলোক স্বামীৰ প্ৰতি ভক্তিহীনা হৈ পৰিল আৰু অনেক তিৰুতা ব্যভিচাৰিণী হ’ল। আধুনিক স্ত্ৰীশিক্ষা দিয়াৰ অৰ্থ হৈছে তিৰুতাবিলাকক বিলাসিতা শিক্ষা দিয়া। এতেকে এই প্ৰকাৰৰ স্ত্ৰীশিক্ষা দিয়াতকৈ সিহঁতক একেবাৰে নিৰক্ষৰ ৰখায়ে শ্ৰেষ্ঠ। হিন্দুজাতিৰ স্ত্ৰীবিলাক চিৰকালেই অন্তঃপুৰ-বাসিনী; এনে পৱিত্ৰা স্ত্ৰী