কৰিবৰ চেষ্টা কৰোহঁক; তাকে নকৰিলে আমাৰ ধবংস অনিবাৰ্য্য!” অধিকাৰ গোসাঁইজনে এনেবিলাক কথা কৈ যেতিয়া এই সামৰণিটি মাৰি বহিল, তেতিয়া বঙ্গদেশৰ পৰা অহা সচ্চিদানন্দ স্বামীয়ে স্কুল আৰু কলেজৰ ছাত্ৰসকলৰ মাজৰ পৰা উঠি কবলৈ ধৰিলে। এখেতে হিন্দুধৰ্ম্মৰ উদ্ধাৰৰ কাৰণে দেশে দেশে নগৰে নগৰে বক্তৃতা দি ফুৰে। তেখেতে বঙ্গভাষাৰে এই সমাজত যি বক্তৃতা দিছিল তাক মই অসমীয়াকৈ লিখিলোঁ। “ভাতৃসকল আৰু গণ্যমান্য সুধীগণ! মই ভাৰতবৰ্ষৰ অনেক তীৰ্থ পৰ্য্যটন কৰিছোঁ আৰু অনেক সাধু ভক্তৰ মুখৰ কথা শুনিছো। আমাৰ হিন্দুজাতিৰ বৰ্ত্তমান অধঃপতনৰ মূল কাৰণ আমালোক ধৰ্ম্মহীন, আচাৰহীন আৰু ক্ৰিয়াকলাপহীন হৈ পৰিছোঁ। ব্ৰাহ্মণসকলে ত্ৰিসন্ধ্যা নকৰে আৰু হোম যজ্ঞ পূজা পাৰ্বন একো নকৰে। পূৰ্ব্বে ঋষিসকল অতিশয় সদাচাৰী নৈষ্ঠিক আছিল, কিন্তু বৰ্ত্তমান ইংৰাজী শিক্ষাই যাক মূলত আৰ্য্য ধৰ্ম্ম নথকা শিক্ষা বলে, ভাৰতৰ যুৱকসকলক বিধৰ্ম্মী কৰি শিক্ষা দি তুলিছে, এই কাৰণে দেশে দেশে জাতিভেদ শিথিল হৈ ম্লেছ-ব্যৱহাৰ ম্লেছ-পোছাক এইবিলাকে যে, অকল দেশকে অনাচাৰী কৰি তুলিছে এনে নহয় তাৰ লগে লগে ভাৰতীয় যুৱকসকলক নিজ ধৰ্ম্মলৈ পিঠি দিয়া পাতিছে। এতিয়া কলিযুগ, এই যুগত হিন্দুসন্তান যে অনাচাৰী হৈ উঠিব তাত বিচিত্ৰ কি? ব্ৰাহ্মণ ব্ৰহ্মাৰ মুখৰ পৰা বাজ হৈছে, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা শূদ্ৰ—এই চতুৰ্ব্বৰ্ণ ভগৱানৰ বিধান। এই বিধান ভঙ্গ কৰিলে হিন্দুৰ অস্তিত্ব লোপ পাব। জাতিভেদ প্ৰাকৃতিক। দেখা যায় ধানৰো আহু শালি আছে, জন্তুৰো গৰু ম’হ ঘোৰা ইত্যাদি আছে আৰু বৃক্ষ লতা গুল্ম সকলোৰে একে পত্ৰ ফুল ফল নহয়, প্ৰত্যেকে ভিন্ ভিন্—সেইদৰে মানুহো পৃথক পৃথক। হিন্দুসন্তানসকল বিশেষকৈ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
কঃ পন্থাঃ