পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কঃ পন্থাঃ

পাতি সত্ৰৰ সৃষ্টি নকৰিলেহেঁতেন)। সত্ৰবিলাক প্ৰকৃতপক্ষে ধৰ্ম্ম- শিক্ষালয়, তাৰ ভাব এই আছিল যে জাতি অজাতি বিচাৰ নকৰি সকলোকে পোনতে ধৰ্ম শিক্ষা দি গুৰু, গোসাঁই মহন্তে শিষ্যক শৰ- ণীয়া কৰি বৈষ্ণব ধৰ্ম্মৰ দীক্ষা দিব। যিটি মানুহক গুৰুৱে ধৰ্ম্মমতে দীক্ষা দিব তেওঁ দীক্ষা লবৰ উপযুক্ত হৈছেনে নাই তাক গুৰুৱে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰতকৈও বহু সময় দি পৰীক্ষা কৰিব। যেতিয়া দীক্ষিত হব খোজা মানুহ জনে ধৰ্ম্ম বুজি দীক্ষা লবলৈ বৰকৈ কাওবাও কৰিব ধৰিব, তেতিয়াহে গুৰুৱে তেওঁক শিষ্য কৰি লয়। এই কথাৰ মূল কাৰণ এই যে শিষ্যটি যেই জাতৰেই হক নহক সি গুৰুমুখীয়া হলেই তাক গুৰুৰ জাতলৈ তোলা হয় আৰু সেই দিনৰ পৰা গুৰু শিষ্যৰ সম্বন্ধ শ্ৰীকৃষ্ণ অৰ্জ্জুনৰ দৰে সখিত্ব সম্বন্ধ হৈ পৰে, তেতিয়া গুৰুৱে ভক্ত শিষ্যৰে সৈতে জাতিভেদ ৰাখিব নেপায়। আৰ্য্য ঋষিসকলে হিন্দুজাতিৰ পৃথিবীব্যাপি প্ৰচণ্ড প্ৰতাপ থকা সময়ত, এই মতকেই ধৰি আজি-কালি খ্ৰীষ্টিয়ান পাদৰীয়ে আৰু মুছলমান ৰাজত্বৰ সময়ত মোল্লাসকলে সকলো জাত আৰু জাতিৰ মানুহক নিজ নিজ ধৰ্ম্ম দীক্ষা দি যেনেকৈ নিজ নিজ জাতৰ মানুহ পাতে, সমস্ত অনাৰ্য্য জাতিকো তেনে কৰিছিল। কিন্তু আমি হলে এতিয়া ধৰ্ম্ম কি তাক নাজানো, কেৱল ধৰ্ম্মৰ দোহাই দি মাৰাত্মক জাতিভেদৰ বান্ধ টানকৈ বান্ধি আমাৰ মানুহক ঘৃণা, বিদ্বেষ আৰু অহঙ্কাৰ আদি দোষবিলাক শিক্ষা দিছোঁ। এইবিলাক কথা কৈ ঔ- গুৰি সত্ৰৰ সত্ৰাধিকাৰ জনে চকুলো টুকি টুকি উলটি চিঞৰ মাৰি কলে, “হে গোসাঁই বামুণ মহন্তসকল! আপানালোকৰ পাৱৰ ধুলা লৈ প্ৰাৰ্থনা কৰোঁ সকলোৱে এক হৈ নতুন যুগৰ নতুন বিধান বান্ধি আমা লোকে নিজক আৰু জাতিক জ্ঞানৰ উন্নতিলৈ নিবৰ চেষ্টা সোণকালে