পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কঃ পন্থাঃ

লগে লগে আপোনালোক নিৰ্ম্মূল হব যে তাক মই দঢ়াই দঢ়াই কওঁ।

 বঙ্গদেশৰ হিন্দু আচাৰ ব্যৱহাৰ আমাক কেলৈ লাগে? “যত্ৰদেশে যদাচাৰঃ পৰম্পৰা বিধীয়তে” কথাটি শাস্ত্ৰ-সম্মত। বঙ্গদেশৰ স্মৃতি অধ্যাপক ৰঘুনন্দন ভট্টাচাৰ্য্য সেই পঞ্চদশ শতিকাৰ মানুহ! তেওঁৰ বিধানমতে আমি স্মাৰ্ত্ত মত লৈ চলাৰ প্ৰয়োজন কি? এতিয়া সেই দেশৰ শিক্ষিতসকলে বুজিব পাৰিছে যে ৰঘুনন্দনেই বঙ্গদেশৰ সৰ্ব্বনাশ কৰি গ’ল। ৰঘুনন্দনে সমাজৰ কঠিন বন্ধন কৰাৰ কাৰণে হিন্দু সংখ্যা কমি অনেক মুছলমান হ’ল। পিছে ইংৰাজৰাজত্বৰ প্ৰথম অৱস্থাত অনেক হিন্দু সন্তান খ্ৰীষ্টিয়ান হৈ গ’ল। বঙ্গদেশে এই সম- যত খ্ৰীষ্টান হবলৈ যেমনটি কোব লৈছিল, সেই কোবে এতিয়ালৈ থকাহেঁতেন ব্ৰাহ্মণ পুৰোহিতৰ অত্যাচাৰ সহিব নোৱাৰি গোটেই বঙ্গ- দেশ খ্ৰীষ্টান হৈ পৰিলহেঁতেন। কিন্তু ভাগ্যে ৰাজা ৰামমোহন ৰায় ক্ষণজন্মা পুৰুষে সেই সোঁতটি বন্ধ কৰিলে। আজিকালি ৰঘুনন্দনৰ সমাজ-বান্ধনি বঙ্গদেশত ক্ৰমে ঢিলা হৈ পৰিল। আসামৰ সমাজৰ বান্ধ আগৰ পৰায়ে ঢিলা আছিল, তেনে নোহোৱাহেঁতেন শঙ্কৰদেৱে কায়স্থ হৈ উদাৰ বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিব নোৱাৰিলেহেঁতেন। আসা- মৰ অতীজৰ বামুণসকলে এই দশৰ আচাৰ ব্যৱহাৰ লৈ চলিছিল। শঙ্কৰদেৱৰ আগেয়ে এই দেশত বৈষ্ণব ধৰ্ম্মও আছিল কিন্তু মধ্যযুগত বঙ্গদেশৰ কিছুমান বামুণে আহি ইয়াত বসতি কৰি ৰঘুনন্দনৰ মত চলালে আৰু নতুণ বামুণে পুৰণি বামুণক ঘিণ কৰিব ধৰিলে, এই কাৰণে আজিলৈকে বামুণে বামুণৰ হাতে ভাত নেখায়। (আসামৰো ৰঘুনন্দনৰ ব্যৱস্থাৰ বান্ধে বামুণৰ প্ৰাধান্যতা বঢ়ালেহেঁতেন, ইতিমধ্যে যদি শঙ্কৰদেৱৰ উদাৰ বৈজ্ঞব ধৰ্ম্মে কায়স্থ কলিতা সকলোকে মহন্ত