পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কঃ পন্থাঃ


আজিকালি এপিনে যেনেকৈ গোসাঁই বামুণসকলে আগৰ একেটি খোজতে থকাৰ কাৰণে, দিন দিন অজ্ঞানী মূৰ্খ হৈ যাব ধৰিছে, আনপিনে শিষ্যৰ লৰা-ছোৱালীবিলাকে বৰ্ত্তমান যুগৰ পোহৰলৈ ওলাই দিনৌ নতুন জ্ঞান শিকিব ধৰিছে, এনে অৱস্থাত শিষ্য দিন দিন বেছি শিক্ষিত আৰু বেছি জ্ঞানী হৈ আহিছে। এই কাৰণে নতুন যুগৰ জ্ঞান নোপোৱা গুৰুৱে শিষ্যক জ্ঞান ধৰ্ম্ম বাট দেখুৱা অস- ম্ভৱ হৈ উঠিছে। শিষ্যক এগুণ জ্ঞান দিবলৈ শিষ্যতকৈ গুৰুৰ দহ, গুণ জ্ঞান যদি নহয় তেনেহলে আজিকালিৰ জ্ঞানৰ পোহৰলৈ ওলোৱা লৰা ছোৱালীবিলাকক গুৰুৱে শিষ্য কৰি তেওঁত ভক্তি জন্ম- বও নোৱাৰে আৰু সুপথলৈ নিবৰ চেষ্টাও কৰিব নোৱাৰে। কিয়নো এতিয়া আগৰ পুৰণি শিক্ষাৰ লগত পৃথিবীৰ আন আন সভ্য জাতিৰ উদাৰ ভাব, নানা জাতিৰ ধৰ্ম্ম শাস্ত্ৰৰ মত হিন্দু ধৰ্ম্ম শাস্ত্ৰৰে মিলাই চোৱা লৰাবিলাকে জানিব পাৰিছে যে, গুৰু মুক্তিদাতা নহয়, কেৱল সু-বাট দেখাওঁতা শিক্ষক মাথোন। এনে শিক্ষকেই পূৰ্ব্বে পুৰোহিত থাকি নিজৰ স্বাৰ্থসিদ্ধিৰ অৰ্থে সৰ্ব্বসাধাৰণক আন্ধাৰত পেলাই ৰাখিছিল, সেই পদবীকে পৈত্ৰিক সম্পত্তিৰ দৰে পাতি সকলোকে ফাঁকি দি খাই আছিল, আৰু এতিয়াও খাই আছে। গুৰুৰ ঘৰৰ লৰা হলেই ঘোৰ মূৰ্খই হওক তেওঁকহে গুৰু মানিব পায়। আন মহাজ্ঞানী শিক্ষিত মানুহ হলেও তেওঁক গুৰু মানিলে গুৰু এৰি ভক্তি কৰা মহাপাপ হয়। এতিয়া আৰু সেই দিন নাই। হে গোসাঁই, বামুণ, মহন্তসকল! সান্দহ খোৱা নালি তল গ’ল। যদি আপোনাসকলে এতিয়া পূৰ্ব্বৰ কু-সংস্কাৰ আৰু স্বাৰ্থমতবিলাকক সংশোধন কৰি আধুনিক উদাৰ মত শাস্ত্ৰৰ মতেৰে সৈতে মিলাই নতুন ব্যৱস্থা নতুন স্মৃতি নেবান্ধে তেনেহলে হিন্দুজাতিৰ উছন যোৱা পতনৰ