এখন ভৰি থকা বুলি কয়, কিন্তু আমাৰ আসাম দেশত অসমীয়া
জাতিলৈ এই ঘোৰ কলিকালত ধৰ্ম্মৰ এখনো ঠেং নাই যেন দেখি
প্ৰায় অৰ্দ্ধ শতাব্দীৰ আগেয়ে অসমীয়া মানুহৰ গাত আন দোষ
থাকিলেও অসমীয়াই মিছা কথা কোৱাৰ অভ্যাস নাছিল আৰু মিছা
মোকৰ্দ্দমা নকৰিছিল, ধন ধাৰ কৰিলেও আসৈ নামাতিছিল, এতিয়া
অসমীয়াই মিছা কথা কোৱা সৰহ ভাগ দেখিবা আৰু মিছাই সঁচাই
কেৱল মানুহবিলাকে হিংসা-খিয়াল লগাই গাৰ ছাল-বাকলি বেচিও
মোকৰ্দ্দমা কৰাকেহে পাবা। এইবিলাক দোষ দেশত আৰু সমাজত
আগৰদৰে জ্ঞানী মূৰুব্বী মানুহ থকাৰ অভাৱ নহয়নে? আনপিনে
চালে এনে স্বভাৱ সলনি হোৱাৰ মূল কাৰণ, শিক্ষাবিস্তাৰৰ লগে
লগে আমাৰ মানুহে সময়ৰ উপযোগী আমাৰ জাতিৰ ভিতৰত, আন
আন প্ৰদেশৰ দৰে আদৰ্শ নেতা এতিয়ালৈকে কাকো দেখা পোৱা
নাই। আগৰ আদৰ্শৰ সলনিত এতিয়া নতুন আদৰ্শৰ আমাৰ মানুহে
দেখিবলৈ পোৱা নাই। বামুণ, পণ্ডিত, গোসাঁই, মহন্তসকলৰ পুৰণি
আদৰ্শে আগৈয়ে যিটি বাট দেখাইছিল, এতিয়া নতুন জ্ঞানে সেই
পুৰণি বাটক পোন বাট বুলি নকয়। পুৰণি আলিটিৰ য’ত য’ত
বোকা আৰু বেকা আছে তাত নতুন মাটি তুলি নকৈ আলি বান্ধি
বেকাকো পোনাব লাগে আৰু তাৰ বোকা গুছাই তাক ভালকৈ
লব লাগে। এয়ে নহলে অসমীয়া জাতিৰ উগ্দতি নাই। আগেয়ে
গোসাঁই বামুণসকলে শিষ্যবিলাকৰ গুৰু হৈ নিজক ঈশ্বৰতুল্য মহা-
জ্ঞানী ভাবি শিষ্যবিলাকক গোলাম বা দাসৰ দৰে দেখিছিল আৰু
শিষ্যসকলেও গোসাঁই বামুণসকলক ঈশ্বৰ জ্ঞান কৰি তেখেতসকল
কেই মুক্তিদাতা “পোপ” বুলি জ্ঞান কৰিছিল। সেই সময়ত গোসাঁই
বামুণসকলৰ অনেক সত্ৰত অনেক শাস্ত্ৰজ্ঞ পণ্ডিতো আছিল, কিন্তু
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কঃ পন্থাঃ