যোৱা মানুহ বুলি গণ্য নকৰি দেখা যায় আন জাতৰ ভালস্বভাৱী মানুহ ঘৰ সোমালে আৰু তেওঁ চোৱা পানী খালে জাত যোৱা পাতে। এনে অজ্ঞান জাতি যি দেশত থাকে তাৰ শাৰীৰিক, মানসিক আৰু ধৰ্ম্মৰ উন্নতি হোৱা অসম্ভৱ কথা। আগতে ৰাইজ সকলৰ ভিতৰৰ কিছুমানে কোৱা শুনিছিলো যে এতিয়া কলিযুগ হৈ সৱে একাকাৰ হৈ জাত যোৱাৰ দিন আহিছে আৰু কলিযুগৰ ধৰ্ম্ম সত্যযুগৰ ধৰ্ম্মৰে সৈতে কেনেকৈ একে হব পাৰে। এই কথাৰ উত্তৰত মই কওঁ সচাকৈয়ে আজিকালি আমালৈ কলিযুগ, কাৰণ পৃথিবীত যিজাতি অজ্ঞানী, কুসংস্কাৰপূৰ্ণ, ধৰ্ম্মাধৰ্ম্মৰ বিচাৰ নাই, যিজাতিৰ ভিতৰত দয়া-মায়া লেশমাত্ৰ নাই, যিজাতিৰ ভিতৰত কাৰো সৈতে মিল নাই, যিজাতিয়ে সত্যক গ্ৰহণ কৰি তাৰ পূজা কৰিবলৈ সাহ কৰিব নোৱাৰে আৰু যাৰ ভীৰতা-কাপুৰুষতাই গুণ, তেনে জাতিকেই কলিয়ে পোৱা জাতি বোলে। এনে কলিয়ে পোৱা জাতিৰেই ঘিণৰ বান্ধ টান আৰু ঘৰে ঘৰে জাতিভেদ নানা তৰহৰ মিছা ধৰ্ম্মৰ বিশ্বাস। একাকাৰ হবৰ হলে তেতিয়া জানিবা সেই জাতিলৈ সত্যযুগ অহাৰ বিলম্ব নাই, কিয়নো কোনো এটি জাতিৰ হৃদয়ত প্ৰেমে থানিকা পাতি দয়া, ক্ষমা, প্ৰেম, ভক্তিৰ সোঁত বোৱাব পাৰে, সেই জাতি মানুহ এক-মন, এক-প্ৰাণ হৈ ভাতৃভাৱত আৱদ্ধ হয়, তেতিয়া সেই জাতি মানুহে ন্যায়-ধৰ্ম্ম ৰক্ষাৰ অৰ্থে সাহসী হৈ স্বাধীন হৈ পৰে। তেতিয়া জ্ঞানৰূপ বিজুলী-বন্তিয়ে গোটেই জাতিটিকে পোহৰাই পেলায়। এনে স্বৰ্গীয় অৱস্থা যেতিয়া কোনো এটি জাতিলৈ আহে তাকেই সত্যযুগ বোলে। তেতিয়া সেই জাতিয়েই সাম্য, মৈত্ৰী, স্বাধীনতা আৰু সৎসাহসিকতা এই চাৰিখন ধৰ্ম্মৰ ঠেং পায়। এই কথাকেই সত্য যুগত ধৰ্ম্মৰ চতুষ্পদ থকা বোলে। কলিকালত ধৰ্ম্মৰ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কঃ পন্থাঃ