মাৰিব নোৱাৰে। ধৰ্ম্ম একেটা বস্তু, আমি মাত্ৰ নিজ স্বাৰ্থৰ নিমিত্তে ধৰ্ম্মক ডোখৰ ডোখৰকৈ ভাগ কৰি পৈলাইছোঁ। আচল আৰ্য্য ঋষিৰ সনাতন হিন্দুধৰ্ম্মে, ধৰ্ম্মক মুঠতে একেটা বস্তু পাতে। আন আন ধৰ্ম্মশাস্ত্ৰ পঢ়িলে পোৱা যায় সেই সেই ধৰ্ম্ম গ্ৰহণ নকৰা মানুহে মুক্তি পাব নোৱাৰে। স্বৰ্গৰ দুৱাৰত খ্ৰীষ্টিয়ান বা মুছলমান নোহোৱা মানু হলৈ সদায় সঁচাৰ লগোৱা আছে, তাৰ চাবি সেই ধৰ্ম্ম গ্ৰহণ কৰা মানুহৰ হাতত। কিন্তু হিন্দু ধৰ্ম্ম এনে উদাৰ যে তেনে কথা কোনো শাস্ত্ৰত কোৱা নেদেখি। যেয়ে যি ভাবে হৰিক পূজা অৰ্চ্চনা কৰে সেই সেই ভাবেৰেই ভগবানে তাৰ পূজা গ্ৰহণ কৰে আৰু তাৰ মুক্তি বিধান কৰে। আজি তেনে উদাৰ হিন্দু ধৰ্ম্মক অজ্ঞানতা বশতঃ আমি অপব্যবহাৰ কৰিছোহঁক। মই যে জাতিভেদ নৰখাৰ সম্পৰ্কে বহুত কথা কৈছো, হে ৰাইজসকল আপোনাসকলে এনে ধাৰণা নকৰিব যে সদাচাৰ বা পৰিষ্কাৰ পৰিচ্ছন্নতা নষ্ট কৰি যাৰে তাৰে হাতে ৰন্ধা বঢ়া অন্ন গ্ৰহণ কৰিবলৈ কৈছো আৰু যিহকে পোৱা যায় তাকে খাবলৈ কৈছোঁ পৰিস্কাৰ পৰিচ্ছন্নতালৈ খোৱা লোৱাত মানুহ সদায় সাবধান থকা যুগুত ভগবান শ্ৰীকৃষ্ণই গীতাত কৈছে, “সাত্বিক ৰাজসিক আৰু তামসিক এই তিনিধি আহাৰ মানুহে নিজ নিজ অৱস্থা আৰু স্বভাৱ অনুসৰি খাই জীয়াই থাকে। সাত্বিক আহাৰ নিৰামিষ। ৰাজসিক আহাৰ মাছ মঙহ ইত্যাদি, তামসিক আহাৰ
- ↑ যাদবা শব্দটিৰ মূল যদুশব্দ, যদুবংশ যাদবা আছিল অৰ্থাৎ জাত নোহোৱা জাতি আছিল। কিয়নো যদুবংশ দ্ৰাবিড়ি জাতিৰ সৈতে এটি মিহলি জাতি। এই কাৰণে এই জাতিৰ ভিতৰত জাতিভেদ একেবাৰে নাছিল।